NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বোকাখাতত কৃষক মুক্তি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰৰ প্ৰতিবাদ

Posted by: উত্তম শইকীয়া October 21, 2018 10:16 pm
Bokakhat

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বোকাখাততো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বোকাখাত মহকুমা সমিতি আৰু গোলাঘাট জিলা সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত গোটৰ সদস্য সকলে চহৰৰ মাজ মজিয়াত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক ৰতন দাৱ আৰু জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত শাখাৰ সভাপতি কিশোৰ ছেত্ৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিবাদস্থলীত কৃষক নেতা ৰতন দাৱে অহা ২৩ অক্টোবৰত অসমৰ ৪৬ টা সংগঠনে আহ্বান কৰা অসম বন্ধ সফল কৰি তুলিবৰ বাবে সকলোকে আহ্বান জনায়।