NORTHEAST NOW (Assamese)
অসম

জাতীয় দল-সংগঠনে আহ্বান জনোৱা অসম বন্ধ প্ৰতিহত কৰিবলৈ সষ্টম কোকৰাঝাৰ প্ৰশাসন

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী October 22, 2018 7:16 pm
Kokrajhar DC

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৪৬ টাকৈ জাতীয় দল-সংগঠনে কাইলৈ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধ প্ৰতিহত কৰিবলৈ সষ্টম হৈ পৰিছে কোকৰাঝাৰ জিলা প্ৰশাসন।

উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত অসম চৰকাৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ দিয়া নিৰ্দেশমৰ্মে কোকৰাঝাৰ জিলা প্ৰশাসনেও বন্ধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

আজি কোকৰাঝাৰ জিলা উপাযুক্তৰ সভাকক্ষত আয়োজিত এক সংবাদমেলত জিলা উপাযুক্ত নিৰঞ্জন বৰুৱাই বিভিন্ন বিভাগৰ বিভাগীয় বিষয়া, ব্যৱসায়ী সন্থা, চালক সন্থাৰ সৈতেও আলোচনাত মিলিত হৈ বন্ধৰ বিৰুদ্ধে থকা নিষেধ্বাজ্ঞা অৱগত কৰায়।

বিভিন্ন দল-সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ কাৰ্যসূচী সম্পূৰ্ণৰূপে আইন বিৰুদ্ধ বুলি মন্তব্য কৰি বন্ধ পালন নকৰিবলৈ জিলাখনৰ সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি আহ্বান জনায়। ইয়াৰ উপৰি বন্ধ কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই যদি কোনো চৰকাৰী কৰ্মচাৰী কাৰ্যালয়ত অনুপস্থিত থাকো তেন্তে তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ সকিয়নি প্ৰদান কৰে।

জিলা উপায়ুক্ত গৰাকীয়ে সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী আৰু ৰাজহুৱা যাতায়াত ব্যৱস্থাত পৰ্যাপ্ত পৰিমাণে নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব বুলিও মন্তব্য কৰিছে। ইপিনে সংবাদমেলত উপস্থিত থকা কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে নিৰাপত্তা ব্যৱস্থাত কোনো ক্ৰটি নাথাকিব বুলি উল্লেখ কৰি জিলাখনৰ যিকোনো স্থানলৈ মুহুৰ্ততে নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰিবলৈ প্ৰশাসন সাজু বুলি কয়।