৪৬ সংগঠনৰ অসম বন্ধৰ প্ৰতি সঁহাৰি নাই দক্ষিণ অসমৰ হাইলাকান্দি জিলাত

দক্ষিণ অসমৰ হাইলাকান্দি জিলাত ৪৬ সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ প্ৰতিবাদত আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধই কোনো প্ৰভাৱ পেলাব পৰা নাই।
বন্ধৰ সময়চোৱাত চৰকাৰী কাৰ্যালয়সমূহত স্বাভাৱিক কাম-কাজ চলি থকাৰ উপৰিও সাধাৰণ জীৱনযাত্ৰা, ব্যৱসায় প্ৰতিষ্ঠান, বেংক আদি কাৰ্ক্ষম হৈ থাকে। প্ৰশাসনৰ তত্বাৱধানত কাৰ্যালয়সমূহত উপস্থিতি নিয়মীয়া থকা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে সোমবাৰে প্ৰশাসনৰ তৰফৰ পৰা কৰ্মচাৰীসকলক কৰ্মস্থলীত উপস্থিত থাকিবলৈ এক কঠোৰ জাননী জাৰি কৰা হৈছিল। বন্ধৰ অজুহাতত কাৰ্যালয়ত অনুপস্থিত থাকিলে তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ হুমকি দিয়া হৈছিল।
জিলা প্ৰশাসনে বন্ধৰ সময়চোৱাত ঘটিব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিৰ সৈতে মোকাবিলা কৰাৰ বাবে যথেষ্ট সংখ্যক অৰ্ধ-সামৰিক বাহিনী আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ লোক মোতায়েন কৰিছিল। জিলাখনৰ কোনো অংশৰে পৰা এতিয়ালৈকে কোনো অপ্ৰীতিকৰ বাতৰি অহা নাই।
বন্ধৰ সময়চোৱাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব নোৱাৰে তাৰ বাবে জিলা উপায়ুক্ত আদিল খান আৰু আৰক্ষী অধীক্ষক মহনীশ মিশ্ৰই পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে।