NORTHEAST NOW (Assamese)
উত্তৰ-পূব

আছাম ৰাইফলছৰ মন বেটেলিয়নৰ অভিযানত আটক এনএছচিএনৰ অভাৰগ্ৰাউণ্ড কৰ্মী

Posted by: ভদ্ৰ গগৈ Updated by: ভদ্ৰ গগৈ October 23, 2018 7:19 pm
The apptehended NSCN (K) overground worker.

আছাম ৰাইফলছৰ মন বেটেলিয়নৰ দ্বাৰা চলোৱা শেহতীয়া এটা অভিযানত এনএছচিএন খাপলাং গোটৰ এগৰাকী অভাৰগ্ৰাউণ্ড কৰ্মী ধৰা পৰিছে। কৰ্মীজন অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বাসিন্দা ইহাৰ পুত্ৰ ৩৩ বছৰীয়া হাংহাং (৩৩) বুলি জানিব পৰা গৈছে।

আছাম ৰাইফলছৰ তৰফৰ পৰা প্ৰকাশিত এটা সংবাদ বিবৃতিত কোৱা হৈছে যে এনএছচিএন খাংপলাং গোটৰ সদস্যজনৰ উপস্থিতি সন্দৰ্ভত লাভ কৰা তথ্যৰ পম খেদি চলোৱা এটা অভিযানত আটক কৰা হৈছে।

ঠাইতেই কৰা জেৰাত হাংগাং নামৰ এনএছচিএনৰ (খাপলাং) সদস্যজনে প্ৰকাশ কৰিছে যে সংগঠনটোৰ কাৰণে তেওঁ ‘মন’ চহৰত ধন সংগ্ৰহৰ কামত নিয়োজিত আছিল। সংবাদ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে সংগৃহীত ধনখিনি সংগঠনটোৰ ওচৰত জমা দিয়াৰ বাবে তেওঁ চাংলিঙলৈ যোৱাৰ পৰিকল্পনা কৰিছিল।

শেহতীয়াকৈ জানিব পৰা মতে অধিক জেৰা কৰাৰ বাবে আছাম ৰাইফলছে এনএছচিএনৰ সদস্যগৰাকীক ‘মন’ আৰক্ষীৰ জিম্মালৈ হস্তান্তৰিত কৰিছে।