NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ; বিজেপি বিৰোধী শ্লোগানেৰে উত্তাল মানিকপুৰৰ ৰাজপথ

Posted by: ইয়াছিন আলী October 24, 2018 6:56 am
IMG-20181024-WA0000

মঙলবাৰে ৰাজ্যত ৬০টা জাতীয় সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ বৃহত্তৰ কোকিলা, নাম্বাৰপাৰা, চাকলা, ভাণ্ডাৰা অঞ্চলতো পৰিলক্ষিত হয়। আমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্ম কৰ্তা সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত নাম্বাৰপাৰা ৩য় খণ্ড বজাৰত প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

বিজেপি চৰকাৰে হিন্দু শৰনাৰ্থীক ভাৰতত নাগৰিকত্ব দিবলৈ চেষ্টা কৰা কাৰ্য্যক ধিক্কাৰ দিয়াৰ লগতে বিজেপি চৰকাৰ গো বেক, বিজেপি হুচিয়াৰ, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । নাম্বাৰপাৰা বজাৰ দোকান বন্ধ ৰখাৰ লগতে ৰাস্তাত গাড়ী চলাচল প্ৰায় সম্পূৰ্ণ ৰূপে বন্ধ থাকে।

ইফালে আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে পেট্ৰ’লিং কৰি থকাৰ মাজতে বন্ধ সমৰ্থকে মাণিকপুৰ-কোকিলা গড়কাপ্তানী ঘাইপথত টায়াৰ জ্বলোৱাৰ লগতে বজেপি বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

আনহাতে কালিৰ এই বন্ধত জিলাখনৰ অন্য প্ৰান্তৰ লগতে মাণিকপুৰত থকা বিভিন্ন কাৰ্য্যালয় সমূহত কৰ্মচাৰীৰ উপস্থিতি নিচেই সেৰেঙা হোৱা দেখা যায়।

চৰকাৰৰ কঠোৰ নিষেধাজ্ঞা থকাৰ পাছতো কাৰ্যালয়ত কৰ্মচাৰীৰ সেৰেঙা উপস্থিতিয়ে প্ৰমাণ কৰি দিছে যে সমগ্ৰ অসমবাসীয়ে এই বন্ধক পূৰ্ণ সমৰ্থন জনাইছে। এইদৰে দাবী কৰিছে বন্ধ সমৰ্থকে।

উল্লেখ্য যে মানিকপুৰত কেইজন মান বন্ধ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাত বন্ধ সমৰ্থনকাৰী কেইজনক আৰক্ষীয়ে আটক কৰে। আটকাধীন লোক কেইজন হৈছে নাজিৰ নেৱাজ জামান(২৩),পীৰ শাহানুৰ ইছলাম (২৩),মহিদুল আলী(২২),ফাৰুক আলী(২০)ক। আটাইকেইজন জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য বুলি জানিব পৰা গৈছে।