NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৮

Posted by: এন ই নাও নিউজ October 25, 2018 10:45 pm

আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৮।

লাটভিয়া, লিথুৱানিয়া, চাৰ্বিয়াৰ ৰাষ্ট্ৰদূতৰ লগতে অসম. উত্তৰ পূব, দক্ষিণ পূব এছিয়া আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু কলাকুশলীৰ উপস্থিতিত আজি মহানগৰীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰে।

জ্যোতি চিত্ৰবন আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত ৫০ খনৰো অধিক দেশৰ ১০৮ খন চলচ্চিত্ৰ আজিৰে পৰা অহা ৩১ অক্টোবৰলৈকে প্ৰদৰ্শন কৰা হ’ব।

কণ্ঠশিল্পী মৌচম গগৈ আৰু তৰুলতা কুটুমে মিচিং ভাষাত পৰিৱেশন কৰা ভক্তিমূলক গীতেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত লাটভিয়া, লিথুৱানিয়া আৰু চাৰ্বিয়াৰ ৰাষ্ট্ৰদূত সকলৰ লগতে মুখ্য সচিব আলোক কুমাৰেও ভাষণ প্ৰদান কৰে।

জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই উদ্বোধনী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত সঞ্চালিকা মণিতা বুঢ়াগোহাঁইয়ে মহোৎসৱখনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে।

আজিৰ উদ্বোধনী অনুষ্ঠানত প্ৰথিতযশা অসমীয়া চলচ্চিত্ৰ অভিনেতা নিপন গোস্বামী, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালিকা মঞ্জু বৰা, কানাডাৰ চলচ্চিত্ৰ পৰিচালক মেথিউ ৰয় উপস্থিত থাকে।