NORTHEAST NOW (Assamese)
অসম

সংযোগী শিক্ষা কৰ্মী সন্থাৰ ৰাজভৱন যাত্ৰা : আদবাটতে আৰক্ষীৰ বাধা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 25, 2018 11:01 pm
25-10-18 Guwahati- Sanjogi Siksha Karmi protest (8)

বৃহস্পতিবাৰে হাতীগাঁৱৰ শেৱালি পথৰ পৰা স্থায়ী নিযুক্তি প্ৰদান কৰাৰ দাবীত সংযোগী শিক্ষাকৰ্মী সকলে ৰাজভৱনলৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে যদিও আৰক্ষী প্ৰশাসনে দিচপুৰস্থিত ৰাজধানী মছজিদৰ সন্মুখতে এই সমদল আগবাঢ়ি যোৱাত বাধা আৰোপ কৰে।

আৰক্ষীয়ে বাধা দিয়াত প্ৰতিবাদকাৰীসকল ক্ষুদ্ধ হৈ ৰাজধানী মছজিদৰ সন্মুখৰ ৰাস্তাতে বহি পথ অৱৰোধ কৰাৰ ফলত যান-যঁটৰ সৃষ্টি হয়।

উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্থাৰ প্ৰচাৰ সম্পাদক কমলেশ্বৰ শইকীয়াই নৰ্থ ইষ্ট নাওক জনায় যে  ৰাজ্যপালৰ অধিসূচনা মৰ্মে ইংৰাজী ২০০৫-০৬ চনৰ পৰা সম্পূৰ্ণ মেধা ভিত্তিত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত প্ৰাৰ্থী সকলক গাঁও শিক্ষা  সমিতি তথা চাহ বাগিচা শিক্ষা সমিতিৰ জৰিয়তে যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন  কৰি গোটেই অসমৰ সংযোগী  শিক্ষাকেন্দ্ৰ  সমূহত শিক্ষা কৰ্মী হিচাপে প্ৰথমে  ১১মাহৰ বাবে ঠিকাভিত্তিক নিযুক্তি দি পৰ্যায় ক্ৰমে শিক্ষাকৰ্মী সকলৰ কাৰ্য্যকাল  ২০১২ চনৰ  ৩১ মাৰ্চ লৈ বৃদ্ধি কৰি দিয়ে।

আনহাতে, এই সংযোগী শিক্ষাকৰ্মী সকলে মাত্ৰ এহাজাৰ টকাৰ পৰা তিনি হাজাৰ টকাৰ অতি সামান্য মাননি লৈ ২-৬ বছৰ শিক্ষকতা কৰি আছিল বুলি জানিবলৈ দি  শইকীয়াই বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই কোনো আগজাননী  নিদিয়াকৈ  শিক্ষাকৰ্মী  সকলক শিক্ষকতাৰ পৰা অব্যাহতি দিয়া বুলি উল্লেখ কৰে।

তেওঁ লগতে কয় শিক্ষাকৰ্মী সকলে কৰ্তৃপক্ষৰ ওচৰত দাবী জনোৱাৰ পিছতো কেৱল মৌখিক প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ  মাজতে সকলোবোৰ ৰৈ গৈছে। সেয়েহে তেওঁলোক উপায়হীন হৈ পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবীত প্ৰতিবাদ  সাব্যস্ত  কৰিবলগীয়া হৈছে।

আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা প্ৰতিবাদী শিক্ষাকৰ্মী সকলৰ আন আন দাবী সমূহ হ’ল যে সংযোগী শিক্ষাকৰ্মীসকলক পুনৰ শিক্ষক পদত স্থায়ী নিযুক্তি দিব লাগে, Supporting Teacher হিচাপে পাঠদান কৰা বিদ্যালয়ত সংযোগী  শিক্ষাকৰ্মী  সকলক নিযুক্তি দিব লাগে আৰু সংযোগী শিক্ষাকৰ্মী সকলৰ  বয়সৰ ঊৰ্ধ্ব সীমা ৰেহাই দিব লাগে।

লক্ষণীয় কথা যে আজিৰ প্ৰতিবাদৰ পাছতে শিক্ষান্ত্ৰীয়ে নৱেম্বৰ মাহত পুনৰবাৰ আলোচনাত বহিব বুলি আশ্বাস দিয়াত  শিক্ষাকৰ্মীসকলৰ প্ৰতিবাদৰ সামৰণি পৰে ৷ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা আলোচনাই কি গতি লয় সেয়া অৱশ্যে লক্ষণীয় হ’ব।