NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই আৰম্ভ কৰিব ‘অ’ আমাৰ গাঁও’ কাৰ্যসূচী

Posted by: মানস প্ৰতিম গগৈ October 28, 2018 9:26 pm
Margherita Journalist association

মাৰ্ঘেৰিটা উন্নয়ণ খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত নবেম্বৰ মাহৰ পৰা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই আৰম্ভ কৰিব ‘অ’ আমাৰ গাঁও’ শীৰ্ষক এক কাৰ্যসূচী। এই কাৰ্যসূচীৰ জৰিয়তে সংস্থাই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত সমূহে ৰূপায়ণ কৰা বিভিন্ন আচঁনি সমূহৰ সম্পৰ্কে ৰাইজৰ মতামত ল’ব।

তদুপৰি ৰাইজৰ জ্ঞাতাৰ্থে তথা চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে ফাদিল কৰিব মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তত হোৱা দুৰ্নীতি তথা অনিয়ম। আজি সন্ধ্যা মাৰ্ঘেৰিটাস্থিত হোটেল ৰয়েল ট্ৰিটত অনুষ্ঠিত এক সভাত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই এই সিদ্ধান্ত গ্ৰহণ কৰে।

সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰৰ পৌৰাহিত্যত আৰু সাধাৰণ সম্পাদক ৰাণা জ্যোতি নেওগে উদ্দেশ্য বাখ্যা কৰা সভাখনত মাৰ্ঘেৰিটাৰ বিভিন্ন জলন্ত সমস্যাৰ সন্দৰ্ভতো আলোচনা কৰা হয়।

উক্ত সভাত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ অভ্যৰ্থনাত ১৭-১৯ জানুৱাৰিত মাৰ্ঘেৰিটাত অনুষ্ঠিত হবলগীয়া তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনখন কিদৰে অনুষ্ঠিত কৰা হ’ব, অধিবেশনৰ স্থান কাৰ্যক্ৰমনিকা আদি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়।

এই অধিবেশনখনৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ অধিবেশনখনো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ সভাই। সভাত সংস্থাৰ উপ সভাপতি পাৰ্থ প্ৰতীম গোস্বামী, প্ৰশান্ত চেতিয়া, মানস প্ৰতীম গগৈ, ফাইজুৰ ৰহমান, মিঠুন বৰুৱা, শ্যামল নেওগ, অভিজিৎ চাংমাই আদি প্ৰায় সংখ্যক বিষয়ববীয়া সদস্য উপস্থিত থাকে।