NORTHEAST NOW (Assamese)
অসম

পাঠশালাত নিশা পথৰ ওপৰত বাগৰিল ছুইফট ডিজায়াৰ; গুৰুতৰভাৱে আহত পাঁচগৰাকীকৈ আৰোহী

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ October 30, 2018 7:22 am
IMG_20181029_233345

পাঠশালা নগৰৰ কলেজ চ’কৰ ওচৰত সোমবাৰে নিশা প্ৰায় ৯.৩০ মান বজাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এই দুৰ্ঘটনাটোত পাঁচগৰাকীকৈ লোক গুৰুতৰভাৱে আহত হয়।

উল্লেখ্য যে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এ এচ ০১ ডি ভি ৩১৪৫ নম্বৰৰ মাৰুটি ছুইফট ডিজায়াৰ গাড়ী এখনে পশ্চিম দিশলৈ আহি থকা অৱস্থাত পাঠশালাৰ কলেজ চ’কৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে। ফলত গাড়ীখনৰ চালকসহ আটাইকেইজন আৰোহী আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলত উপস্থিত থকা লোকৰ তৎপৰতাত আহত লোক কেইজনক পাঠশালাৰে চহিদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু আহত কেইজনৰ মাজৰে অতুল পাটগিৰি, কিশোৰ কলিতা আৰু বিৰাজ কলিতাৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে।