NORTHEAST NOW (Assamese)
অসম

ধনশিৰিমুখত মথাউৰি নিৰ্মাণৰ বিভাগীয় কামৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

Posted by: উত্তম শইকীয়া October 30, 2018 5:32 pm
Bokakhat- CM

সুদীৰ্ঘ দিনৰ পিছত আজি বোকাখাতৰ ধনশিৰিমুখত জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়ন কৰিবলৈ লোৱা কাজিৰঙা উপ প্ৰকল্পৰ ২য় পৰ্য্যায়ৰ আচঁনিৰ আধাৰশিলা স্থাপন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰকল্প, অসমৰ অধীনত ধনশিৰি মুখৰ পৰা ধানবাৰী হৈ কাজিৰঙাৰ সীমাৰে জাপৰিপথাৰলৈকে থকা মথাউৰিটো অত্যাধুনিক ভাৱে নিৰ্মান  কৰা হ’ব। ইয়াৰ বাবে এছিয়ান ডেভলপমেন্ট বেংকে বাবে প্ৰাক কলন হিচাপে ৫৮. ৯৬ কোটি টকা আগবঢ়াইছে।

এই প্ৰকল্পই অকল বানপানী গড়াখহনীয়া প্ৰতিৰোধেই নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো সুৰক্ষা প্ৰদান কৰিব বুলি মুখ্য মন্ত্ৰী সোণোৱালে মন্তব্য কৰে।

আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা বিত্ত আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বোকাখাত সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কৃষি ও পশুপালন আৰু নগৰ পৰিকল্পনা বিভাগৰ মন্ত্ৰী অতুল বৰা, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ধেমাজিৰ বিধায়ক ৰনোজ পেগু, খুমটাই বিধায়ক মৃনাল শইকীয়া, দেৰগাওঁৰ বিধায়ক ভৱেন ভৰালী, এছিয়ান ডেভলপমেন্ট বেংকৰ গ্ৰুপ লিডাৰ অলিভাৰ ডিউৰ লগতে অসম চৰকাৰৰ কেইবা গৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।