NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত পৰ্যটকৰ বাবে এতিয়া অন্যতম আকৰ্ষণ দ্বিতীয় বিশ্ব যুদ্ধৰ যুদ্ধবিমান

Posted by: উত্তম শইকীয়া October 31, 2018 4:38 pm
fighter plane at Kaziranga

দ্বিতীয় বিশ্ব যুদ্ধত বিধ্বস্ত হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভূপতিত হোৱা এখন যুদ্ধ বিমান এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৷

দীৰ্ঘদিন ধৰি কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ হলালপাট নামৰ বনশিৱিৰৰ সমীপত সিচঁৰিত হৈ পৰি থকা এই যুদ্ধ বিমানৰ ধ্বংসাৱশেষ বোৰ বুটলি আনি এতিয়া পৰ্যটকৰ দৰ্শনৰ বাবে ব্যৱস্থা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ৷

পূৰ্বতে এই বিমানৰ ধ্বংসাৱশেষ পৰ্যটক পথৰ পৰা আঁতৰত আছিল ৷ যাৰ বাবে বিমানখন দৰ্শন কৰা নাছিল কাজিৰঙাৰ পৰ্যটকে ৷ সম্প্ৰতি কহঁৰা বনাঞ্চলত পৰ্যটকৰ পথত কাঠপৰা দৰ্শন চূড়ালৈ আনি পৰ্যটকে চাব পৰাকৈ ৰখা হৈছে ৷

উল্লেখযোগ্য যে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়তে ভূপতিত হোৱা এই যুদ্ধ বিমানখন ৮৮ চনৰ বানপানীৰ পিছতহে কাজিৰঙাৰ বনকৰ্মীয়ে হলালপাট বনশিৱিৰৰ সমীপৰ এখন বিলৰ পাৰত সিঁচৰিত হৈ থকা অৱস্থাত ইয়াৰ অংশ বিশেষ উদ্ধাৰ কৰি হলালপাট বন শিৱিৰৰ সমীপতে ৰাখি থৈছিল।

ইমান দিনে পৰ্যটক পথৰ দূৰত থকা এই ধ্বংসাৱশেষ এতিয়া পৰ্যটকে চাব পৰা ব্যৱস্থা কৰি দিয়াৰ বাবে কাজিৰঙা কৰ্তৃপক্ষৰ এই কাৰ্যক উদ্যান দৰ্শনৰ বাবে অহা পৰ্যটকে প্ৰশংসা কৰিছে।