NORTHEAST NOW (Assamese)
অসম

গুণোৎসৱৰ নিৰ্দেশাৱলীত বাংলাভাষা; গোলাঘাটত আছুৰ শিক্ষা মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

Posted by: ৰিতুপল্লৱ শইকীয়া Updated by: ৰিতুপল্লৱ শইকীয়া October 31, 2018 8:21 pm

আজিৰে পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ মূল্যানয়নৰ নিৰ্দেশাৱলীত বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ গোলাঘাট জিলা আঞ্চলিক ছাত্ৰ সন্থাই  তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আজি প্ৰতিক্ৰিয়া হিচাপে আঞ্চলিক ছাত্ৰ সন্থাই নগৰৰ মাজমজিয়াত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিমূৰ্তি দাহ কৰে।

সমিতিখনৰ সভাপতি অংশুমান বৰুৱা আৰু সম্পাদক বিশ্বজিত গগৈৰ নেতৃত্বত ৰূপায়ণ কৰা উক্ত প্রতিবাদী কাৰ্যসূচীত ‘শিক্ষা বিভাগ মূর্দাবাদ, শিক্ষামন্ত্ৰী হায় হায়, মাতৃভাষাক লৈ হেতালি বন্ধ কৰক’ আদি বিভিন্ন শ্ল’গান দিয়ে।

সভাপতি আৰু সম্পাদকে অসমতে অসমীয়া ভাষাৰ বিৰুদ্ধে চৰকাৰে ষড়যন্ত্ৰ কৰা কাৰ্য ছাত্র সন্থাই কোনো কাৰণতে সহ্য নকৰে বুলি মন্তব্য কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমান্তৰালভাৱে বাংলা ভাষা প্ৰচলনৰ বাবে বিজেপিয়ে প্ৰচেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

আনহাতে এই সন্দৰ্ভত গোলাঘাট জিলা সৰ্বশিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া ৰচিদা বেগমৰ সৈতে নৰ্থ ইষ্ট নাওৰ সাংবাদিকে যোগাযোগ কৰাত কেৱল বাংলা ভাষাৰ বিদ্যালয়সমূহৰ সুবিধাৰ্থেহে বাংলা ভাষাৰ নিৰ্দেশাৱলী দিয়া হৈছে বুলি জানিবলৈ দিয়ে।

ৰচিদা বেগমে দিয়া তথ্য অনুসৰি ৰাজ্যৰ অন্যান্য জিলাৰ দৰে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ বহিঃমূল্যায়কসকলৰ বাবে মূলত অসমীয়া আৰু ইংৰাজী ভাষাত গুণোৎসৱ মূল্যায়নৰ নিৰ্দেশৱলীসমূহ প্ৰেৰণ কৰা হৈছে। লগতে কেৱল বেংগলী বিদ্যালয়কেইখনৰ মূল্যায়ক কেইজনমানৰ বাবেহে বিশেষভাৱে বাংলা ভাষাত নিৰ্দেশাৱলী প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰে।

প্ৰাপ্ত তথ্য মতে গোলাঘাট জিলাত সৰ্বমুঠ ১৫৫৭ খন প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে যাৰ মাজত প্ৰায় চাৰি, পাঁচখনহে বেংগলী ভাষাৰ বিদ্যালয় আছে।

বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে যোৱা ৯ ৰ পৰা ১১অক্টোবৰলৈকে জিলাখনত অনুষ্ঠিত বহিঃমূল্যায়নসকলৰ প্ৰশিক্ষণৰ সময়তে এই নিৰ্দেশাৱলী প্ৰেৰণ কৰা হৈছে। আৰু বৰ্তমানলৈকে কোনো এজন বহিঃমূল্যায়ন বিষয়াই বাংলাভাষাত প্ৰকাশ পোৱা নিৰ্দেশাৱলীৰ পৰা অসুবিধা পোৱা বুলি কোনো ধৰণৰ অভিযোগ পোৱা নাই বুলি জানিবলৈ দিয়ে।