NORTHEAST NOW (Assamese)
অসম

মাজুলীত ৰাইজে উদ্বোধন কৰিলে ৫০০ মিটাৰ দৈৰ্ঘ্যৰ অসমৰ দীৰ্ঘতম বাঁহৰ দলংখন

Posted by: মিটু খাটনিয়াৰ October 31, 2018 7:11 pm
index

আজি মাজুলীত ৰাইজে শুভ উদ্বোধন কৰিলে অসমৰ ভিতৰতে দীৰ্ঘতম বাঁহৰ দলং খন। ৬খন গাঁৱৰ ১৫০০গৰাকী কৰ্মীয়ে এমাহত নিৰ্মাণ কৰি উলিয়ালে এই দলংখন । ৫০০ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলংখন নিৰ্মাণত প্ৰয়োজন হৈছে ৬০০০ ডাল বাঁহ। লুইতৰ ওপৰত নিৰ্মাণ কৰা দীৰ্ঘততম বাঁহৰ দলংখনেৰে সংযোগ কৰা হ’ল মাজুলী আৰু উত্তৰ লখিমপুৰক।

নামনি মাজুলীৰ চেলেক ধূনাগুৰি ঘাটত লুইত নদীৰ ওপৰত  চেলেক নলদুৱাৰ ধুনাগুৰি আদি ৬খন গাঁৱৰ ৰাইজে নিৰ্মাণ কৰি উলিয়লে এই দলংখন । প্ৰায় ৮ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা দলংখনত  ছয় হাজাৰ ডাল বাঁহ আৰু তিনি হেজাৰটা কাঠৰ কুণ্ডা ব্যৱহাৰ কৰা হৈছে।

এইখন দলঙেৰে কোনো অসুবিধা নোহোৱাকৈ চাৰিচকীয়া বাহন পাৰা পাৰ হ’ব পাৰিব। আনহাতে এই দলংখনে যাতায়াত যোগাযোগৰ ক্ষেত্ৰত উত্তৰ অসমক দক্ষিণ অসমৰ লগত সংযোগ কৰিব।