NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ প্ৰথম খচৰাত বৰপেটাৰ ৩৮% লোকৰ লোকৰ নাম অন্তৰ্ভুক্ত

Posted by: এন ই নাও নিউজ January 1, 2018 8:10 pm

৩১ ডিচেম্ববৰৰ নিশা বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বৰপেটা জিলা প্ৰশাসনকো তৎপৰ হৈ পৰা দেখা গৈছে। এই উদ্দেশ্যে আজি জিলাখনৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও এন আৰ চি সহায়ক কেন্দ্ৰ পৰিদৰ্শন কৰে জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰ,চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাস, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া আৰু তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে। এন আৰ চি সহায়ক কেন্দ্ৰ সমুহ পৰিদৰ্শনৰ বাবে অহা জিলা উপায়ুক্তগৰাকীয়ে কয় যে এন আৰ চিৰ প্ৰথমখন খচৰাত জিলাখনৰ ৩৮% লোকৰ নাম অন্তৰ্ভুক্ত হৈছে৷  তেওঁ লগতে কয় যে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰা মুঠ ১৯,২৭,৬৬০ গৰাকী লোকৰ ভিতৰত প্ৰথম পৰ্যায়টোত ৭,৩৩,২৩৯ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। অৱশ্যে নাম প্ৰকাশৰ পৰা বাদ পৰি ৰোৱা লোক সকলক শংকিত হ’ব লগীয়া কোনো কাৰন নাই বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে মুঠ ১৪ টা এন আৰ চি সহায়ক কেন্দ্ৰ থকা চেঙা ৰাজহ চক্ৰৰ লগতে সমগ্ৰ বৰপেটা জিলাতে কোনো ধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি জানিবলৈ দি  বৰপেটা জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই কয় যে আইন শৃংখলা সন্দৰ্ভত সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে।