NORTHEAST NOW (Assamese)
অসম

ৰাজহ চোৰাংচোৱা বিভাগৰ দ্বাৰা বিদেশী চিগাৰেট আৰু জালুক জব্দ

Posted by: এন ই নাও নিউজ October 31, 2018 8:27 pm
newlogo

আজি ৩১ অক্টোবৰ বুধবাৰে গুৱাহাটীৰ এটা গুডামত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ গুৱাহাটী মাণ্ডলিক গোটে অভিযান চলাই বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট আৰু জালুক জব্দ কৰিছে। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ গুৱাহাটী মাণ্ডলিক গোটৰ বিষয়াৰ এটা দলে এটা গুডাম ঘৰৰ চৌহদত থক দুখন ট্ৰাকত তালাচী অভিযান চলাই ৩২০৪০০০ বিদেশী চিগাৰেট ষ্টিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তালাচীৰ কালত তালাচী দলটোৱে ৬০০০ কিলো বিদেশী জালুকো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উক্ত চোৰাং সামগ্ৰীখিনি সৰাবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ৫জন লোকক গ্ৰেপ্তৰ কৰাৰ লগতে ট্ৰাকদুখনো জব্দ কৰা হয়।

তালাচীকাৰী দলটোৱে জনাইছে যে জব্দ কৰা সামগ্ৰী খিনিৰ মূল্য ৬.০৯ কোটি টকা। এই সামগ্ৰীখিনি সৰাবৰাহকৰী চক্ৰটোৰ বিষয়ে অধিক জানিবলৈ অনুসন্ধান চলাই থকা হৈছে।