NORTHEAST NOW (Assamese)
অসম

একালৰ সতীৰ্থ, মুখ্য মন্ত্ৰীক সোঁৱৰাবলৈ দিচপুৰ অভিমুখে আছু

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক October 31, 2018 9:31 pm
AASU adviser Samujjal Bhattacharyya ,President Dipankar Kumar Nath, and General Secretary Lurinjyoti Gogoi addressing a Press Conference at Guwahati on 31-10-18.Pix by UB Photos

একালৰ সতীৰ্থ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ‘জাতীয় স্বাৰ্থ’ সোঁৱৰাই দিবলৈ ৰাজধানী দিচপুৰ অভিমুখে আহি আছে আছুসহ ২৮টা জনগোষ্ঠীয় সংগঠন।

অহা ৮ নৱেম্বৰত বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত দিচপুৰৰ জনতা ভৱনৰ সন্মুখত বিক্ষোভ কাৰ্য্যসূচী বুধবাৰে এক যৌথ সভাৰ অন্তত ঘোষণা কৰিছে সংগঠনকেইটাই।

বিধেয়ক সন্দৰ্ভত মুখ্য মন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈও দাবী জনাইছে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

“মুখ্য মন্ত্ৰী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে নে বিপক্ষে আছে এই কথা স্পষ্ট কৰক,” আছুৰ মজিয়াৰ পৰাই মুখ্য মন্ত্ৰী হোৱা সোণোৱালক এই দাবী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাজনৰ। ইতিমধ্যে বিতৰ্কিত বিধেয়কখনৰ সমৰ্থনত শেহতীয়া ৰাজ্যিক কাৰ্য্যনিৰ্বাহকত মুখ্য মন্ত্ৰীৰ উপস্থিতিত সিদ্ধান্ত গ্ৰহণ কৰিছিল গেৰুৱা দলটোৱে।

অসম চৰকাৰক বিধেয়কখন বিৰোধিতাৰে কেবিনেট প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবেও দাবী জনাইছে সংগঠনকেইটাই। “মেঘালয় চৰকাৰে যদি পাৰিছে, অসম চৰকাৰে নোৱাৰিব কিয়?” বিধেয়কখনৰ জৰিয়তে ‘অসমৰ মানুহক মানসিক নিৰ্য্যাতন চলোৱা হৈছে’ বুলি উল্লেখ কৰি এই প্ৰশ্ন সমুজ্জ্বল ভট্টাচাৰ্য্যৰ।

অসমত বৰ্তমান একাংশই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰি কেউটা সংগঠনে ৰাজ্যজোৰা এলানি ধাৰাৱাহিক প্ৰতিবাদী কাৰ্য্যসূচীৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

অহা ৯ নৱেম্বৰত সকলো মন্ত্ৰী, বিধায়ক আৰু সাংসদক ঘৰে ঘৰে গৈ সাক্ষাৎ কৰি বিধেয়ক বাতিলৰ সিদ্ধান্ত গ্ৰহণৰ বাবে লিখিতভাৱে দাবী জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালকো এই বিষয়ে অৱগত কৰিব সংগঠনকেইটাই।

১০ নৱেম্বৰত সকলো জিলাৰ সদৰত আছু আৰু ২৮ জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিব। ১৬ নৱেম্বৰত সংগঠনকেইটাৰ আঞ্চলিক সমিতিসমূহে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিব।

ইয়াৰ পাছত সংগঠনকেইটাই ৰাজ্যৰ বিভিন্ন স্থানত নাগৰিক সভা অনুষ্ঠিত কৰি ‘জাতিধ্বংসী’ বিধেয়কখন বাতিলৰ দাবী উত্থাপন কৰিব বুলি জানিবলৈ দিয়ে।

আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা দোহাৰি এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ওপৰত পূৰ্ণ আস্থা প্ৰকাশ কৰে সংগঠনকেইটাই।

এন আৰ চিৰ কামত বাধা প্ৰদান কৰিব বিচৰাসকলক শাস্তি প্ৰদানৰ বাবে সভাই দাবী জনোৱাৰ লগতে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা প্ৰৱেশ কৰা অমুছলমান লোকক দীৰ্ঘকালীন ভিজা আৰু নাগৰিকত্ব প্ৰদান কৰা জাননীৰো বিৰোধিতা কৰে।