NORTHEAST NOW (Assamese)
অসম

বুম লা’ত ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা দেৱালীৰ আয়োজন : চীনা সঁজাতী দলৰ অংশগ্ৰহণ

Posted by: এন ই নাও নিউজ November 7, 2018 6:51 pm
IMG-20181107-WA0064

আজি বুম লা’ত ভাৰতীয় সেনাই আয়োজন কৰা আয়োজন কৰা দেৱালীত কৰ্নেল প্ৰসেনজিত কৰৰ নেতৃত্বৰ ভাৰতীয় সেনাৰ সঁজাতী দলটো আৰু চীনৰ ফালৰ কৰ্নেল য়াং ঝি মিঙৰ নেতৃত্বত চীনা সেনাৰ এটা সঁজাতী দলটোৱে দেৱালী উদযাপন কৰে।  দুয়োপক্ষই এক আন্তৰিকতাপূৰ্ণ পৰিৱেশত পৰস্পৰে পৰস্পৰৰ সৈতে মিলিত হয় আৰু বাৰ্তালাপ কৰে। এই উৎসৱ উদযাপনৰ দ্বাৰা পৰস্পৰৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি ভৱা হৈছে।

দুয়োপক্ষৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সভা আৰম্ভ কৰা হয়। তাৰ পাছত পৰম্পৰাগত দেৱালীৰ চাকি জ্বলোৱা হয়। তাৰ পাছত উদযাপনমূলক ভাষণ প্ৰদান কৰা হয়। দুয়ো পক্ষই সীমান্ত এলেকাত শান্তি আৰু বুজা-পৰাৰে লাইন-অব-এক্সুৱেল-কণ্ট্ৰোলৰ শান্তি সম্প্ৰীতি নিশ্চিতি কৰাৰ ওপৰত জোৰ দিয়ে।

সঁজাতী দল দুটাৰ নেতা দুগৰাকীয়ে তৃণমূল পৰ্যায়ত সম্পৰ্ক উন্নীত কৰি সম্পৰ্কৰ বান্ধোন অটুত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত দুয়ো দেশৰ মাজৰ আন্তৰিকতাপূৰ্ণ বান্ধোন সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই সভাখনে  ৰণনীতি আৰু কূটনৈতিক ক্ষেত্ৰত এটা অনুঘটকৰ ভূমিকা গ্ৰহণ কৰিব। ভাৰতৰ পক্ষৰ পৰা এটা সাংস্কৃতিক দলে চুবুৰীয়া ৰাষ্ট্ৰৰ সঁজাতী দলৰ মাজত’ৰীয়েল ইণ্ডিয়া’ৰ পৰিৱেশন কৰে।

আনহাতে সঁজাতী দলটোৱে এটা আন্তৰিকতাপূৰ্ণ পৰিৱেশত বাৰ্তালাপ কৰে আৰু বন্ধুত্বপূৰ্ণ আৰু সম্পৰ্কৰ বান্ধোন অটুত ৰখাৰ পাৰস্পৰিক প্ৰতিশ্ৰুতি বহন কৰি চীনা সঁজাতী দলটোৱে বিদায় লয়।