NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচন : বিজেপিৰ ব্যৰ্থতাই হ’ব কংগ্ৰেছৰ প্ৰধান অস্ত্ৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 7, 2018 7:01 pm
Panchayat-elections-750x375

বহু প্ৰতীক্ষাৰ অন্ত পেলাই ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰিলে। ইয়াৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ। প্ৰতিটো দলেই এতিয়া নিজ নিজ এজেণ্ডাৰে পঞ্চায়তৰ বাবে ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনক লৈ যথেষ্ট আশাবাদী বিধানসভাত বিৰোধীৰ ভূমিকাত থকা কংগ্ৰেছ। কাৰণ কংগ্ৰেছৰ মতে বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা নাইকীয়া হৈছে।

অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই নৰ্থ-ইষ্ট নাওক কয়, “বিজেপিয়ে পূৰ্বে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰ পূৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে অসমৰ ৰাইজে কংগ্ৰেছক পুনৰ আকোঁৱালি ল’ব।”

উল্লেখ্য যে, কংগ্ৰেছৰ বিগত ১৫ বছৰীয়া কাৰ্যকালৰ সময়ত হোৱা বৃহৎ পৰিমাণৰ দুৰ্নীতি আৰু অপশাসনৰ অভিযোগৰ বাবেই যোৱা বিধান সভাত দলটোৰ শোচনীয় পৰাজয় ঘটিছিল। কংগ্ৰেছৰ প্ৰতি বিতুষ্ট হৈ ৰাইজে বিজেপিক আদৰি ল’লে যদিও শেহতীয়াভাৱে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধেও অসমৰ ৰাইজ অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে।

প্ৰধানতঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ শাসনাধিষ্ঠ বিজেপিয়ে লোৱা স্থিতিৰ বিপৰীতে অসমৰ খিলঞ্জীয়া ৰাইজ আৰু জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহে বিধেয়কখনৰ বিৰূদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাত বিজেপি-বিৰোধী ঢৌ প্ৰবল হোৱা দেখা গৈছে। গতিকে, ইয়াৰ সুযোগ গ্ৰহণৰ বাবে তৎপৰ হৈ আছে বিৰোধী কংগ্ৰেছ।

ইয়াৰ উপৰি, ‘তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ স্থিতি যথেষ্ট শক্তিশালী’ বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে। তেওঁ আমাক জনোৱামতে এইবাৰ পঞ্চায়তত কংগ্ৰেছে যোৱা বাৰতকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব।

কিন্তু এটা কথা স্পষ্ট যে অসমত কংগ্ৰেছৰ শেষৰটো কাৰ্যকালৰ সময়ত হোৱা দলীয় বিসম্বাদ, ব্যাপক দুৰ্নীতি-লুণ্ঠনৰ অভিযোগ আদিৰ বাবে পৰাজয়ৰবৰণ কৰিব লগীয়া হোৱাৰ পাছত শাসনলৈ অহা বিজেপিৰ কৰ্মকাণ্ডৰ বাবেই এতিয়া কংগ্ৰেছে কিছু মূৰ দাঙি উঠিব পৰা হোৱা দেখা গৈছে। লগতে ক’ব পাৰি যে নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি বিভিন্ন বিষয়ত বিজেপিৰ বিৰুদ্ধে যিমানে আন্দোলন বৃদ্ধি পায় সিমানে এতিয়া অধিক উৎসাহী হৈ পৰে কংগ্ৰেছ।

ইপিনে, দলটোৱে গাওঁ পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত মণ্ডল কংগ্ৰেছক প্ৰাৰ্থী বাছনিৰ দায়িত্ব দিছে। মণ্ডল কংগ্ৰেছে বাছনি কৰা প্ৰাৰ্থীক ব্লক কংগ্ৰেছে অনুমোদন জনাব বুলি সাধাৰণ সম্পাদক ৰঞ্জন বৰাই প্ৰকাশ কৰে। ইয়াৰ উপৰি জিলা সদস্য পদৰ প্ৰাৰ্থী ৰাজ্যিক সমিতিয়ে বাছনি কৰিব বুলি জানিলৈ দিয়ে।