NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো ‘ভাই টিকা’ উৎসৱ পালন

Posted by: পাৰ্শ্বজ্যোতি গগৈ November 9, 2018 5:22 pm
20181109_130603

সমগ্ৰ দেশৰ লগতে আজি শিৱসাগৰটো উলহ মালহেৰে পালন কৰা হয় গোৰ্খা জনগোষ্ঠীৰ মহান উৎসৱ ‘ভাই টিকা’। উল্লেখযোগ্য যে প্ৰতি বছৰে দেৱালীৰ শেষ দিনা অৰ্থাৎ কাতি মাহৰ দ্বিতীয় শুক্লা তিথিত এই উৎসৱ পালন কৰা হয়।

‘ভাই টিকা’ হৈছে ককায়েক বায়েক আৰু বায়েক ভনীয়েকৰ মাজত থকা এক মৰমৰ বান্ধোন। এই উৎসৱত বায়েক ভনীয়েকে ককায়েক ভায়েকৰ কপালত সাতটা ৰঙৰ ফোট দি তেওঁলোকৰ সুখী জীৱন, সু-স্বাস্থ্য কামনা কৰাৰ লগতে নানা বাধা বিঘিনি পাৰ কৰি যাতে জীৱনটো সফল কৰি তুলিব পাৰে তাৰেই কামনা কৰি এই উৎসৱ পালন কৰে।

তাৰোপৰি এই উৎসৱত ইজনে সিজনক উপহাৰ প্ৰদান কৰাৰ লগতে ককায়েক ভায়েকে বায়েক আৰু ভনীয়েকক গোটেই জীৱন সুৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।