NORTHEAST NOW (Assamese)
অসম

ননৈত পথ দুৰ্ঘটনাত নিহত শিক্ষক : আন তিনিজন আহত

Posted by: মিণ্টু দাস November 10, 2018 6:17 pm
4bfdaf64-bae9-403f-a500-2bf576b70faa

নগাঁও জিলাৰ ননৈ আৰক্ষী চকীৰ অন্তৰ্গত ঘুৰঘুৰি দলঙৰ ওচৰত আজি দিনৰ প্ৰায় ১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। নিহত লোকজন অপূৰ্ব শইকীয়া (৪৯) বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, ননৈ মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক শইকীয়াই স্কুল ছুটিৰ পাছত নিজৰ এ এছ ০২ কে ৩০০৯ পালচাৰ বাইকেৰে ঘৰলৈ গৈ থকা অৱস্থাত ননৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘুৰঘুৰি দলঙৰ ওচৰত একে দিশৰ পৰা গৈ থকা এ এছ ০২ এচি- ৪৮৩২ নম্বৰৰ ট্ৰেম্পুখনে পিছফালৰ পৰা খুন্দা মৰাত শইকীয়া গুৰুতৰভাৱে আহত হয়।

আহত শইকীয়াক ততাতয়াকৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসায়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰে। গুৱাহাটীলৈ নিয়াৰ পথতেই জাগীৰোডৰ ওচৰত শইকীয়াৰ মৃত্যু হয়। কঠিয়াতলী জুমুৰমুৰ নিৱাসী শইকীয়াৰ এনে আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্র, কন্যাসহ বহু আত্মীয়-স্বজনক এৰি থৈ গৈছে।

আনহাতে, দুৰ্ঘটনাটোত ট্ৰেম্পু চালকজনৰ লগতে আন দুজন যাত্রীও আহত হয়। সম্প্ৰতি চালক মিছবাহাৰুল চিকিৎসাধীন হৈ আছে। স্থানীয় সূত্রই জনোৱা মতে, ট্ৰেম্পু চালক বাহাৰুল সুৰামত্ত অৱস্থাত থকাৰ বাবেই দূৰ্ঘটনাটো সংঘটিত হয়।

ইপিনে,শইকীয়াৰ মৃতদেহ নগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰি নিজ গৃহলৈ নিয়াৰ পথত ননৈ মজলীয়া বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনায়।