NORTHEAST NOW (Assamese)
Popular Stories

যুৱতীক ডিঙি ৰেপি হত্যা কৰি প্ৰেমিকৰ আত্মহত্যাৰ চেষ্টা; মাকুমত চাঞ্চল্য

Posted by: লক্ষ্মণ শৰ্মা November 12, 2018 2:57 pm
Makum

তিনিচুকীয়া জিলাৰ মাকুমৰ কুমাৰপত্তিত আজি পুৱা এজন যুৱকে নিজৰ প্ৰেয়সীক হত্যা কৰি নিজেও আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে অভিযুক্ত বিকি তাঁতী (২৫) নামৰ যুৱকজনে তেওঁৰ প্ৰেয়সী ছোনিয়া ঘাটোৱাৰে (২২) বনকৰা যুৱতী হিচাপে কাম কৰা মাকুমৰ কুমাৰপত্তি অঞ্চলৰ বিজন চক্ৰবৰ্তি নামৰ লোকজনৰ ঘৰত উপস্থিত হৈছিল।

পিছত দুয়োজনৰ মাজত কিবা কথাকলৈ তৰ্ক লাগে আৰু খঙৰ ভমকত যুৱকজনে ছোনিয়া ঘাটোৱাৰক চুৰিৰে ডিঙি ৰেপি হত্যা কৰাৰ লগতে নিজেও ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা চলায়।

স্থানীয় লোকে দুয়োকে তেজেৰে তুমুৰলি অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও যুৱতী গৰাকীৰ মৃত্যু হয়। আনহাতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা যুৱকজনৰ অৱস্থা সংকতজনক বুলি জানিব পৰা গৈছে।