NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰৰ ৰঙাপাৰাত বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে দুজনকৈ লোকৰ বাসগৃহ

Posted by: এন ই নাও নিউজ January 3, 2018 11:07 am
বনৰীয়া হাতী

ৰাজ্যত মাৰ যোৱা নাই হাতী-মানুহৰ সংঘাত। ৰাজ্যখনৰ ন-ন প্ৰান্তত হাতীৰ উপদ্ৰৱ অব্যাহত থকাৰ সময়তে কালি নিশা শোণিতপুৰৰ ৰঙাপাৰাৰ জংঘলবস্তিত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ বাতৰি পোৱা গৈছে। কালি নিশা জংঘলবস্তিৰ নিবাসী চৌও বুধুৱা আৰু লহৰা ধানোৱাৰ নামৰ লোক দুজনৰ বাসগৃহ দুটা হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰে। লোক দুজনৰ পৰিয়ালৰ লোকে হাতী অহাৰ উমান পোৱাত বাসগৃহ এৰি পলায়ণ কৰাতহে কথমপি প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰঙাপাৰাৰ বিভিন্ন অঞ্চলত আজি প্ৰায় এসপ্তাহ ধৰি বন্যহস্তীয়ে তাণ্ডৱ চলাইছে অহাৰ পিছতো বনবিবাগে কোনোধৰণৰ ব্যৱস্থা হাতত নোলোৱাত অঞ্চলটোৰ ৰাইজসকল ক্ষোভিত হৈ পৰিছে। স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি তেওঁলোকে বাৰম্বাৰ বনবিভাগৰ লোকক হাতীৰ জাকটো খেদি পঠাবলৈ অনুৰোধ কৰাৰ পিছতো বনবিভাগে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই।

ৰাজ্যৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে মৃত্যুক সাবটি লোৱাৰ বিপৰীতে অব্যাহত আছে হাতীৰ তাণ্ডৱ। ৰাজ্যৰ বন্যহস্তীৰ এনে অৱস্থাৰ বাবে সচেতন মহলৰ মাজত উদ্বিগ্নতা বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ জাকে জাকে হাতী ওলাই আহে যাৰ ফলস্বৰূপে হাতীয়ে মৃত্যুক সাবটি লোৱাৰ লগতে সাধাৰণ জনতাৰো ঘৰ-দুৱাৰ লণ্ড-ভণ্ড কৰি হাৰাশাস্তি কৰিছে। এই ক্ষেত্ৰত বন বিভাগৰ নিস্তব্ধতাই প্ৰকৃতিপ্ৰেমী সকলক অধিক চিন্তিত কৰি তুলিছে।