NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰী মোদীক মিছলীয়া বনালে বিজেপিৰ জয়ন্ত মল্লই: দেৱব্ৰত শইকীয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 14, 2018 8:37 pm
modi-jayanta malla copy

নাগৰিকত্ব বিধেয়ক বিৰোধী সংগঠন কংগ্ৰেছৰ ক’লা ধনেৰে চলা বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্যই ‘মিছলীয়া’ সাজিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক। কংগ্ৰেছ আৰু সংগঠনসমূহলৈ আঙুলি তোলা মল্লক শ’লঠেকত পেলাই এই মন্তব্য বিৰোধী নেতা দেৱব্ৰত শইকীয়াৰ।

‘‘আমি জনাত নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৫৬ ইঞ্চি বুকু লৈ দুবছৰ আগতে ক’লা ধন নিঃশেষ কৰিলে। তাৰ পাছত জয়ন্ত মল্ল বৰুৱাই এনেধৰণে ক’লাধনৰ কথা কৈ তেওঁলোকৰ দলৰে প্ৰধান মন্ত্ৰীজনক মিছলীয়া বনালে,” বিজেপি মুখপাত্ৰৰ আক্ৰমণক বুমেৰাঙত পৰিণত কৰি নৰ্থ ইষ্ট নাও-ত এই মন্তব্য কংগ্ৰেছ নেতা শইকীয়াৰ।

বৰুৱাৰ আক্ৰমণক সুযোগলৈ ৰূপান্তৰিত কৰি মোদী-প্ৰতিশ্ৰুত ‘ক’লা ধন’ প্ৰসংগৰে বিজেপিকে শ’লঠেকত পেলায় কংগ্ৰেছ নেতাজনে। “ৰিজাৰ্ভ বেংকে ক’লা ধন ঘূৰি অহা বুলি কোৱাৰ পাছতো ক’লা ধনৰ কথা কোৱাটো লজ্জাজনক কথা,” কংগ্ৰেছৰ দৰেই ’বিসম্বাদ’ কৰিবলৈ বিজেপিলৈ গৈছে নেকি বুলি বৰুৱাক প্ৰশ্ন কৰি শইকীয়াৰ মন্তব্য।

ক’লা ধন ঘূৰাই অনা বিমুদ্ৰাকৰণৰ এটা প্ৰধান লক্ষ্যৰূপে ঘোষণা কৰিছিল প্ৰধান মন্ত্ৰী মোদীয়ে। কিন্তু ভাৰতৰ ৰিজাৰ্ভ বেংকে দেশৰ মুঠ মুদ্ৰাৰ ৯৯.৪ শতাংশ ঘূৰি অহা বুলি ঘোষণা কৰাত প্ৰধান মন্ত্ৰী মোদীৰ লগতে বিজেপি সৰ্বত্ৰ সমালোচনাৰ পাত্ৰ হ’ব লগা হৈছে।

আনহাতে অসমৰ খিলঞ্জীয়াৰ সৰ্বাত্মক প্ৰতিবাদৰ পিছতো বিজেপিয়ে সমৰ্থন অব্যাহত ৰখা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ‘স্বতঃস্ফূৰ্ত’ বুলি মত প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা শইকীয়াই।

তেওঁ কয়, “অসমৰ সাধাৰণ জনতাই চৰকাৰৰ কাম-কাজৰ বিৰোধিতা কৰিবৰ বাবে স্বতঃস্ফূৰ্তভাৱে নিজৰ গাঁথিৰ ধন খৰচ কৰি ওলাই আহিছে।’‘

ইপিনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে বিজেপি মুখপাত্ৰ বৰুৱাক ‘দালাল’ বুলি তিৰস্কাৰ কৰে।

বুধবাৰে গুৱাহাটীত এক সংবাদমেলত ‘কংগ্ৰেছৰ টকাৰেই ৭০ টা নতুনকৈ জন্ম হোৱা জাতীয় সংগঠন চলি আছে‘ বুলি মন্তব্য কৰিছিল জয়ন্ত মল্ল বৰুৱাই।