NORTHEAST NOW (Assamese)
অসম

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজা মুন্না বৰুৱা সন্ধানহীন

Posted by: এন ই নাও নিউজ November 17, 2018 7:35 am
munna boruah

ডিগবৈ শোধনাগাৰত কনিষ্ঠ অভিযন্তাৰূপে প্ৰশিক্ষণৰত যুৱক মুন্না বৰুৱা হঠাৎ নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৪ বছৰীয়া চফল যুৱক মুন্না বৰুৱা চাবুৱা জেৰাই গাঁৱৰ নিৱাসী বিমল বৰুৱাৰ পুত্ৰ তথা আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজাক।

উল্লেখ্যযোগ্য যে যিসময়ত ৰাজ্যখনৰ বহু অসমীয়া যুৱক-যুৱতী আলফা স্বাধীনত যোগদান কৰা বুলি প্ৰকাশ পোৱা বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছে, তেনে সময়তে যোৱা ১৫ নৱেম্বৰৰ পৰা মুন্না বৰুৱা সন্ধানহীন হোৱা ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে।

জানিবপৰা মতে ডিগবৈৰ বালিজানত এজন বন্ধুৰ সৈতে মুন্না বৰুৱা ভাৰাঘৰ এটাত আছিল আৰু  শোধনাগাৰটোত প্ৰশিক্ষণ লৈ আছিল। জানিব পৰা মতে, যোৱা ১৫ নৱেম্বৰত বন্ধুজনে তেওঁক ডিগবৈ বাছ আস্থানত ঘৰলৈ যোৱাৰ বাবে বাছত তুলি দিছিল। সেই তেতিয়াৰে পৰা মুন্না বৰুৱা নিৰুদ্দেশ হৈ আছে।

ইপিনে, এই সন্দৰ্ভত শুকুৰবাৰে মুন্না বৰুৱাৰ পিতৃয়ে ডিগবৈ থানাত এখন এজাহাৰ দাখিল কৰে। ডিগবৈ আৰক্ষীয়ে মুন্না বৰুৱা থকা বালিজানৰ ভাৰাঘৰটোত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

আনহাতে, মুন্না বৰুৱা নিৰুদ্দেশ হোৱাৰ বাতৰিৰ পাছত স্বাভাৱিকতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। বহুতেই মুন্না বৰুৱাই আলফা (স্বাঃ)ত যোগদান কৰিলে নেকি বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে এই বিষয়ত কোনো তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই।