NORTHEAST NOW (Assamese)
অসম

অসম ৰাজ্যিক চিৰিয়াখানাৰ পুৰণি সদস্য ‘ৰাজা’ আৰু নাই

Posted by: এন ই নাও নিউজ November 18, 2018 3:21 pm
ghy zoo hippo

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ অন্যতম পুৰণি সদস্য ৰাজা নামৰ জলহস্তীটোৰ আজি মৃত্যু হয়। বাৰ্ধক্যজনিত কাৰণতে ৰাজাৰ মৃত্যু ঘটা বুলি চিৰিয়াখানাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আজি পুৱা ৪৮ বছৰ বয়সত মৃত্যুক সাৱটি লোৱা ৰাজাক ১৯৭৪ চনতে আমেৰিকাৰ পৰা গুৱাহাটীৰ ৰাধাগোবিন্দ পথত অৱস্থিত অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছিল। সেই সময়ত কণমানি জলহস্তীটোৰ বয়স আছিল মাত্ৰ ৪ বছৰ।

তেতিয়াৰ পৰাই অসম ৰাজ্যিক চিৰিয়াখানাত ৪৪টা বছৰ পাৰ কৰা ৰাজা হৈ পৰিছিল গুৱাহাটী চিৰিয়াখানাৰ এজন আপোন আৰু বৰ্ষীয়ান সদস্য। আনকি চিৰিয়াখানা চাবলৈ অহা দৰ্শনাৰ্থীৰ বাবেও ‘ৰাজা’ এক অতি চিনাকী নাম হৈ পৰিছিল।

অসম ৰাজ্যিক চিৰিয়াখানা পৰিয়ালৰ প্ৰতি গৰাকী সদস্যই আজি অশ্ৰুশিক্ত নয়নেৰে ৰাজাক শেষ বিদায় জনায়।