NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচন : ক’ত ক’ত হ’ল কংগ্ৰেছ-বিজেপিৰ কাৰ্য্যালয় লণ্ডভণ্ড?

Posted by: এন ই নাও নিউজ November 18, 2018 10:41 pm
Congress-BJP in mizoram

পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ৰাজনৈতিক দলৰ ক্ষুব্ধ কৰ্মীৰ তাণ্ডৱ ৰূপ। বিশেষকৈ ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু বিজেপিয়ে আটাইতকৈ বেছিকৈ দলৰ কৰ্মী-সমৰ্থকৰ ক্ষোভৰ সন্মুখীন হৈছে।

দুয়োটা দলৰ কৰ্মী-সমৰ্থকে প্ৰাৰ্থিত্ব কেন্দ্ৰিক অসন্তুষ্টি আৰু ক্ষোভৰ বাবে দলৰ কাৰ্য্যালয় লণ্ডভণ্ড কৰাৰ বাতৰি আমালৈ আহি আছে।

কৰিমগঞ্জত দলৰ কৰ্মীয়ে পুত্তলিকা জ্বলালে ৰাজ্যিক বিজেপিৰ উপ সভাপতিৰ

কৰিমগঞ্জত দলৰ কৰ্মীয়ে আজি ৰাজ্যিক বিজেপিৰ উপ সভাপতি বিশ্বৰূপ ভট্টাচাৰ্যৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে তেওঁৰ পুত্তলিকা দাহ কৰে।

ক্ষুব্ধ বিজেপিৰ কৰ্মীসকলে কয় যে দলৰ নেতৃত্বই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ, এ আই য়ু ডি এফৰ পৰা অহাসকলকহে টিকট দিছে। ফলত নিষ্ঠাৱান বিজেপি কৰ্মীসকল বঞ্চিত হৈছে। বদৰপুৰৰ ক্ষুব্ধ কেইবাজনো কৰ্মীয়ে বিজেপিৰ বিভিন্ন পদৰ পৰা পদত্যাগ কৰে।

বৰপেটাৰ জনিয়াত কংগ্ৰেছৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি

প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বাবে বৰপেটাৰ জনিয়াত কংগ্ৰেছৰ কাৰ্য্যালয়ত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ক্ষুব্ধ কংগ্ৰেছ কৰ্মীসকলে সমষ্টিটোৰ বিধায়ক আব্দুল খালেকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। খালেকে ১৩ নং জনীয়া জিলা পৰিষদৰ সদস্য পদত অযোগ্য লোকক টিকট দিয়াৰ অভিযোগ তোলে ক্ষুব্ধ কৰ্মীসকলে।

মানকাচৰত বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ

আজি মানকাচৰত পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট প্ৰদানক লৈ ক্ষুব্ধ হৈ পৰা কৰ্মীসকলে বিধায়ক মতিউৰ ৰহমান মণ্ডলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। শতাধিক কংগ্ৰেছ কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মীসকলে বিধায়কগৰাকীৰ বিৰুদ্ধে টকাৰ বিনিময়ত টিকট প্ৰদান কৰাৰ অভিযোগ আনি মূৰ্দাবাদ ধ্বনি দিয়ে।

উল্লেখযোগ্য যে বিধায়কগৰাকীয়ে শনিবাৰে হাটশিঙীমাৰিৰ নিজা ঘৰৰ পৰাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীক টিকট প্ৰদান কৰিছিল। বিধায়কজনৰ এই স্বৈৰাচাৰিতাক লৈ ক্ষুব্ধ হৈ পৰে কংগ্ৰেছ কৰ্মীসকল।

সৰভোগত লণ্ডভণ্ড কংগ্ৰেছ কাৰ্য্যালয়

সৰভোগত আজি ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে দলৰ কাৰ্য্যালয় লণ্ডভণ্ড কৰে। কৰ্মী-সমৰ্থকসকলে অভিযোগ কৰে যে প্ৰাক্তন মন্ত্ৰী তথা চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদে টকাৰ বিনিময়ত কংগ্ৰেছৰ টিকট বিক্ৰী কৰিছে। বিশেষকৈ গাঁও পঞ্চায়তৰ সভাপতি পদৰ টিকট টকাৰ বিনিময়ত এ আই য়ু ডি এফকৰ পৰা অহা এজন লোকক বিক্ৰী কৰিছে শুকুৰ আলীয়ে।

অভিযোগ মতে, শুকুৰ আলী আহমেদ আৰু কংগ্ৰেছ নেত্ৰী অনুৰূপা হান্নান লগ হৈ এ আই ইউ ডি এফ এৰি কংগ্ৰেছত যোগদান কৰা আবু তাহেৰ নামৰ এজন লোকক কলহভাঙা গাঁও পঞ্চায়তৰ সভাপতিৰ পদৰ টিকট ৬ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছে। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰা কংগ্ৰেছ কৰ্মীয়ে লণ্ড ভণ্ড কৰে দলটোৰ কাৰ্যালয়।