NORTHEAST NOW (Assamese)
অসম

এ পি এছ চিত সাফল্য মিথিংগা দৈমাৰীৰ, পৰৱৰ্তী লক্ষ্য য়ু পি এছ চি

Posted by: ময়ুখ গোস্বামী November 20, 2018 5:42 pm
Mithinga-Daimary-750x375

সদ্য ঘোষিত এ পি এছ চিৰ অধীনৰ অসামৰিক সেৱা (এ চি এছ)পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে জিলাখনৰ হৰিশিঙা আম্বাগাঁৱৰ বাসিন্দা তথা খানাপাৰা পশুচিকিৎসা মহাবিদ্যালয়ৰ গৱেষক ডাঃ মিথিংগা দৈমাৰীয়ে।

উল্লেখযোগ্য যে ২০১৬ চনত খানাপাৰা পশুচিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ২০১৮ চনত উত্তৰ-প্ৰদেশৰ বাৰেইলীস্থিত ভাৰতীয় পশুচিকিৎসা গৱেষনা প্ৰতিষ্ঠানৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী মিথিংগা দৈমাৰীৰ পিতৃ-মাতৃ নিৰণ দৈমাৰী আৰু ৰেনু দৈমাৰীয়ে খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰে।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বাৰ্তাত তেওঁ কয়, ‘২০০৭ চনত আই এ এছ পৰীক্ষাত উত্তীৰ্ণ এগৰাকী অসমীয়া যুৱকক সম্বৰ্ধনা জনোৱা দেখা পোৱাৰ পিছৰে পৰা মই অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ উৎসাহী হৈ পৰো।‘

এক উগ্রপন্থী অধ্যুষিত অঞ্চলৰ পৰা উলাই আহি কোনোধৰণৰ ক’চিং নোলোৱাকৈ প্ৰথম প্ৰয়াসতে এ পি এছ চি পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা মিথিংগাই অনাগত দিনত য়ু পি এছ চি ‘ক্ৰেক’ কৰাৰ সপোন পুহি ৰাখিছে।