NORTHEAST NOW (Assamese)
অসম

নকল চিমনি বিক্ৰিৰ অপৰাধত গুৱাহাটীৰ হাতীগাঁৱত এজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ November 21, 2018 4:07 pm
Capture2

ৰতন দত্ত নামৰ NEKST ব্ৰেণ্ডৰ স্বত্তাধিকাৰীজনে আজি হাতীগাঁও আৰক্ষী থানাত ৰূপালী এণ্টাৰপ্ৰাইজৰ গৰাকী চৌকত আলী নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে তেওঁৰ ‘NEKST ব্ৰেণ্ডটো কোনো কৰ্তৃত্ব অবিহনে বিগত দুমাহ ধৰি বিক্ৰি কৰি আছে অভিযোগ  উত্থাপন কৰিছে।

ৰতন দত্তৰ গোচৰৰ ভিত্তিত হাতীগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গণেশ বৰগোহাঞিৰ নেতৃত্বত হাতীগাঁও আৰক্ষীৰ এটা গোটে চৌকত আলীৰ দোকানৰ পৰা ৫টা চিমনিসহ মজলীয়া আকাৰৰ চিমনিৰ ৫৮টা আৰু সৰু আকাৰৰ চিমনিৰ ২১টা NEKSTৰ ষ্টিকাৰ জব্দ কৰে।

প্ৰথমতে অভিযুক্ত আলীয়ে  যে ৰতন দত্ত NEKSTৰ গৰাকী নহয় বুলি প্ৰতিপন্ন কৰিব বিচাৰিছিল আৰু কৈছিল যে ৰতন দত্তইও তেওঁৰ দৰে NEKSTৰ চিমনি বিক্ৰি কৰি আহিছে। পাৰ্থক্যটো হৈছে ৰতন দত্তই NEKSTৰ চিমনি অনলাইনযোগে বিক্ৰি কৰিছে আৰু তেওঁ সেয়া কৰা নাই।

চৌকত আলীয়ে আৰু দাবী কৰিছিল যে ৰতন দত্ত আৰু তেওঁ একেই স্থানৰ পৰা সামগ্ৰী উঠায়। তেওঁ আৰু কৈছিল যে তেওঁ জিএছটি আদায় দিয়ে আৰু তাৰ ৰচিদ তেওঁৰ ওচৰত আছে। তেওঁ আৰু কৈছে যে তেওঁৰ ওচৰত থকা ৰচিদ ৰতন দত্তৰ সৈতে একেই। সামগ্ৰীৰ নকল আৰু আচলৰ ক্ষেত্ৰতো তেওঁ দাবী কৰিছিল যে যদি ৰতন দত্তৰ সামগ্ৰী আচল, তেন্তে তেওঁৰো আচল, তেওঁৰ যদি নকল ৰতন দত্তৰো নকল।

ইতিমধ্যে অভিযুক্ত চৌকত আলীক হাতীগাঁও আৰক্ষী থানালৈ লৈ যোৱা হয়। শেহতীয়াভাৱে জানিব পৰা মতে আৰক্ষীৰ জেৰাত চৌকত আলীয়ে স্বীকাৰ কৰিছে যে তেওঁ নীতি বহিৰ্ভুতভাৱে NEKSৰ সামগ্ৰী বিক্ৰি কৰি আহিছিল।