NORTHEAST NOW (Assamese)
অসম

নলবাৰীৰ মুকালমুৱাত ৫ জন যুৱকৰ ৰহস্যজনক মৃত্যু

Posted by: এন ই নাও নিউজ January 4, 2018 10:55 am

নলবাৰী জিলাৰ মুকালমুৱা অঞ্চলত ৫ জন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে এখন গাড়ীৰ ভিতৰত যুৱক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এক তথ্যৰ পৰা  মৃত যুৱক কেইজনৰ নাম ক্ৰমে পদুম কৈৱৰ্ত, শ্ৰীমান কৈৱৰ্ত, নাৰায়ণ কৈৱৰ্ত, বিকাশ কৈৱৰ্ত আৰু গৌতম কৈৱৰ্ত বুলি জানিব পৰা গৈছে।

নলবাৰীৰ মুকালমুৱা আৰক্ষী তানাৰ অন্তৰ্গত গলদীঘলা গাঁৱত এই ঘটনা সংঘটিত হৈছে। উল্লেছযোগ্য যে যুৱক কেইজনে বুধবাৰে ভূটানচকীৰ পৰা বনভোজ খাই ঘৰ অভিমুখে আহি আছিল। কিন্তু আজি পুৱাই গাড়ীৰ ভিতৰত সেই যুৱক কেইজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাটো ক্ৰমে ৰহস্যৰ আঁৰত সোমাই পৰাটো পৰিলক্ষিত হৈছে। জানিব পৰা মতে ওৰেনিশা গাড়ীৰ ভিতৰত লাউড স্পীকাৰ বাজি থকাত অতিষ্ঠ হৈ একাংশ স্থানীয় লোকে গাড়ীৰ গ্লাছ ভাঙি পেলোৱাত যুৱককেইজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে  । নিহত আটাইকেইজন যুৱকৰ ঘৰ মুকালমুৱাৰ আদাবাৰীত বুলি জানব পৰা গৈছে। ইতিমধ্যে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

নলবাৰীৰ আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্যৰ নেতৃত্বত  আৰক্ষীয়েঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । বৰ্তমান যুৱক কেইজনৰ মৃত্যৰ ৰহস্য উদঘাটনৰ বাবে নলবাৰী আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও যুৱক কেইজনে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লৈছে নে মৃত্যুৰ অন্য কিবা কাৰণ আছে সেই কথা বৰ্তমানো আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই।