NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ মমতা বেনাৰ্জীৰ আপত্তিজনক মন্তব্য

Posted by: এন ই নাও নিউজ January 4, 2018 12:49 pm
মমতা বেনাৰ্জী

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম পৰ্যায়ৰ খচৰা প্ৰকাশৰ তিনিদিন পিছতেই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চিক লৈ এক আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে ৰাজ্যখনৰ বিৰভোম জিলাৰ অমদপুৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাক উদ্দেশ্যি তৃণমুল কংগ্ৰেছৰ অধ্যক্ষা গৰাকীয়ে এন আৰ চি পক্ৰিয়াক অসমৰ পৰা বঙালি লোকসকলক বহিস্কাৰ কৰাৰ এক ষড়যন্ত্ৰ বুলি অভিযোগ কৰে। অসমত বাস কৰি অহা বঙালি লোকসকলৰ ওপৰত এন আৰ চিৰ নামত অত্যাচাৰ হ’লে ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি উল্লেখ কৰি তেওঁ বি জে পি চৰকাৰক ‘জুইৰ সৈতে খেলা নকৰিবলে’ সকিয়াই দিয়ে। তেওঁ আৰু কয়, ‘পশ্চিম বংগৰ পৰা আন ৰাজ্যত কাম কৰিবলৈ যোৱা লোকসকল সেই ৰাজ্যৰ নাগৰিক হৈ পৰিছে, একেধৰনে আন ৰাজ্যৰ পৰাও লোক আহি পশ্চিম বংগত কাম কৰি আছে। ভাৰত এখন স্বাধীন দেশ, কিন্তু নাগৰিকপঞ্জীৰ নামত বি জে পি চৰকাৰে জনসাধাৰনক  হাৰাসাস্তি কৰাৰ চেষ্টা চলাইছে’। আনহাতে মন কৰিবলগীয়া যে প্ৰাপ্ত তথ্য মতে সদ্যপ্ৰকাশিত এন আৰ চি তালিকাত প্ৰায় ৭০ শতাংশ বঙালি লোকৰ নাম অহা নাই। ইয়াৰে বেছি সংখ্যকে বঙালী অধ্যুষিত বৰাক উপত্যকাৰ বাসিন্দা।