NORTHEAST NOW (Assamese)
অসম

হাউলীত ৰাস মহোৎসৱৰ শুভাৰম্ভ : আৰম্ভণিৰ দিনাই লোকে লোকাৰণ্য হাউলী

Posted by: পুলেন্দ্ৰ দাস November 23, 2018 7:20 am
e7ab61f8-9635-47be-84e6-9bf7dd2fd390

ইতিহাস প্ৰসিদ্ধ ৰজা চণ্ডী বৰুৱাৰ ৰাজ হাউলী খ্যাত বৰপেটাৰ হাউলীত বহস্পতিবাৰৰে পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ ৷

হাউলীৰ ৰাস মন্দিৰ প্ৰাংগনত ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাস মহোৎসৱ উদ্বোধন কৰে জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে ৷ ইয়াৰ পূৰ্বে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই ৷

হাউলীত ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ “মুৰুলী” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷ স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

হাউলী ৰাস মহোৎসৱৰ আৰম্ভণিৰ দিনাই ভক্ত আৰু দৰ্শনাৰ্থীৰে লোকাৰণ্য হৈ পৰে ৰজা চণ্ডী বৰুৱাৰ ৰাজ হাউলী খ্যাত হাউলী ৷ উল্লেখ্য যে, ৯১ সংখ্যক হাউলী ৰাস মহোৎসৱৰ এইবাৰৰ বাজেট প্ৰায় ৯০ লাখ টকা ৷

এইবাৰৰ হাউলী ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে হাউলী ৰাস উদযাপন সমিতিয়ে। তদুপৰি, ৰাসস্থলীত পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থাও কৰিছে জিলা প্ৰশাসনে।

ঐতিহ্যমণ্ডিত তথা সমন্বয়ৰ থলী হাউলী ৰাস মহোৎসৱলৈ ৰাইজক আদৰণি জনাইছে উদযাপন সমিতিয়ে।