NORTHEAST NOW (Assamese)
অসম

মুক্তিৰ বাবে সাজু বিকি কলিতাৰ ‘দুটি জোনাকী’ শীৰ্ষক গানৰ অডিঅ’-ভিডিঅ’

Posted by: এন ই নাও নিউজ November 25, 2018 7:39 pm
45eea63a-225e-4da7-a25e-3c51d7632801

আধুনিক অসমীয়া সংগীতৰ জগতত অতি শেহতীয়াকৈ সংযোজিত হোৱা বিকি কলিতা এতিয়া সংগীত অনুৰাগীৰ বাবে এটি পৰিচিত নাম। কাৰ্বি আংলঙত নিহত অভিজিত-নীলোৎপলৰ সশ্ৰদ্ধ সোঁৱৰণত প্ৰস্তুত কৰি উলিওৱা ‘অসমীয়া মই’ গীতটোৰ জৰিয়তে ইতিমধ্যে বিকিয়ে লাভ কৰিছে য়ু টিউব, ফেচবুকৰে বিপুল সমাদৰ।

শেহতীয়াকৈ ‘দুটি জোনাকী’ শীৰ্ষক এটি সুমধুৰ গীতৰ চিত্ৰায়ন সমাপ্ত হৈছে বিকিৰ কণ্ঠত। প্ৰশান্ত দাসে লিখা গীতটোত বিকিৰ লগতে কণ্ঠদান কৰিছে বৰ্ণালী নাথে। গীতটোত অভিনয় কৰিছে বিকি, বৰ্ণালী আৰু ম’ডেল সুকন্যা বৰুৱায়।

বিকি আৰু প্ৰশান্তৰ ক’ম্প’জিশ্যনত প্ৰস্তুত কৰি উলিওৱা গীতটোৰ ভিডিঅ’ পৰিচালনাও বিকিয়ে নিজেই কৰিছে। সংগীত সংযোজনা কৰিছে টিহুস্থিত পোহৰ ষ্টুডিঅ’ত হেমন্ত পাঠকে।

অহা ২৭ নৱেম্বৰত টিহু ৰাস মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখিয়েই বিকি কলিতাৰ নতুন গীতটোৰ অডিঅ’-ভিডিঅ’ সংগীত অনুৰাগীৰ বাবে মুকলি কৰা হ’ব। গীতটো য়ু টিউব, গানা, চাৱন, আই টিউনছ, ৱিংক মিউজিক তথা জিঅ’ মিউজিকত উপলব্ধ হ’ব বুলিও জানিবলৈ পোৱা যায়।