NORTHEAST NOW (Assamese)
অসম

ৰাজ্যজুৰি আৰম্ভ হৈছে সদৌ অসম নাৰ্ছ সন্থাৰ অনিৰ্দ্দিষ্টকালীন কৰ্মবিৰতি

Posted by: এন ই নাও নিউজ November 26, 2018 11:21 am
46646606_948002172257232_8193119071714148352_n

আজি ৰাজ্যজুৰি সদৌ অসম নাৰ্ছ সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰম্ভ হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে কোকৰাঝাৰতো নাৰ্ছসকলৰ কৰ্মবিৰতিৰ ফলত অচলাৱস্থাৰ সৃষ্টি হৈছে।

আনহাতে, দীৰ্ঘদিন ধৰি নাৰ্ছসকলৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে নাৰ্ছ সন্থাই। নাৰ্ছসকলৰ দৰমহা গাঁথনিত থকা বিসংগতি দূৰ কৰা, ষ্টাফ নাৰ্ছক সমহাৰত দৰমহা প্ৰদান কৰা, ষ্টাফ নাৰ্ছৰ চাকৰি বিধি প্ৰকাশ কৰা আদি দাবীত সদৌ অসম নাৰ্ছ সন্থাই এই কৰ্মবিৰতি পালন কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ স্বাস্থ্য কেন্দ্ৰসমূহত কৰ্মৰত ১২,০০০ এ এন এম আৰু এল এইচ এছ কৰ্মচাৰীৰ বিভিন্ন দাবী চৰকাৰে পূৰণ নকৰাৰ অভিযোগ তুলি সদৌ অসম এ এন এম আৰু এল এইচ এছ চাৰ্ভিছ সন্থায়ো ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল।

ৰাজ্যখনৰ প্ৰধান হাস্পাতলসমূহত নাৰ্ছ সন্থাৰ এই কৰ্ম বিৰতিয়ে ব্যাপক প্ৰভাৱ পেলাইছে। বিশেষকৈ ৰোগীসকলৰ সেৱাত নিয়োজিত নাৰ্ছসকলৰ অসহযোগিতাই চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।