NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ ব্যৰ্থতা উদঙাই হিমন্তই মুখ্য মন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে : তৰুণ গগৈ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 26, 2018 4:55 pm
Tarun Gogoi_HimantaBishwa

হিমন্ত বিশ্বই মুখ্য মন্ত্ৰী হোৱাৰ যাৱতীয় কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে। সেয়ে তেওঁ মুখ্য মন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰি দিছে। নিজৰ চৰকাৰখনৰে ব্যৰ্থতা উদঙাই তেওঁ এই যুদ্ধ আৰম্ভ কৰিছে। এই দাবী প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

২৬ নৱেম্বৰত দিচপুৰৰ চৰকাৰী বাসভৱনত এখন সংবাদমেলৰ আয়োজন কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

“হিমন্ত বিশ্ব মুখ্য মন্ত্ৰী হ’বলৈকে বিজেপিলৈ গৈছে। গতিকে তেওঁ ধৈৰ্য্য কেনেকৈ ধৰি থাকিব?” গগৈয়ে কয়।

হিমন্তৰ মুখ্য মন্ত্ৰিত্বৰ লালসাৰ কথা কৈ কয়, “হিমন্ত বিশ্বকনো আৰু কি লাগে? তেওঁক মুখ্য মন্ত্ৰী হ’বহে লাগে! কংগ্ৰেছে, বিজেপি বা অগপ যিয়েই নহওক। তেওঁক কেৱল মুখ্য মন্ত্ৰী হ’বলৈ লাগে।”

“তেওঁ আকৌ যুদ্ধ আৰম্ভ কৰিছেই। আমাৰ লগতনো কাজিয়া কিয় লাগিছিল?” গগৈৰ মন্তব্য।

গগৈৰ মতে মুখ্য মন্ত্ৰিত্বৰ বাবে লালায়িত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য মন্ত্ৰী হোৱাৰ আশা পূৰণ নহ’ব বুলিয়েই কংগ্ৰেছত বিসম্বাদ কৰি বিজেপিলৈ গৈছিল। এতিয়া বিজেপিতো মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে। তাৰ বাবে সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ ব্যৰ্থতা মন্ত্ৰী শৰ্মাই উদঙাব ধৰিছে। ইয়াৰ উদাহৰণ দি গগৈয়ে কয় যে শেহতীয়াভাৱে বহুকেইগৰাকী যুৱক-যুৱতীয়ে আলফা (স্বাঃ)ত যোগদান কৰা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্তব্যত চৰকাৰখনৰ ব্যৰ্থতা দাঙি ধৰিছে।

গগৈয়ে কয়, “হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে নিবনুৱাক সংস্থাপন দিব নোৱৰা বাবে, দৰিদ্ৰতাৰ কাৰণে আজি আলফালৈ যুৱক-যুৱতীয়ে ঢাপলি মেলিছে। ইয়াৰ দ্বাৰা তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে এপাট কৌশলী অস্ত্ৰ প্ৰয়োগ কৰিলে। এই কথাৰ দ্বাৰা তেওঁ পৰোক্ষভাৱে ৰাইজক বুজাব বিছাৰিছে যে মুখ্য মন্ত্ৰী সোণোৱালে চৰকাৰখনৰ নেতৃত্ব দিয়াত সকলো ফালৰ পৰা ব্যৰ্থ হৈছে।”

তেওঁ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফালৈ ল’ৰা-ছোৱালী যোৱাৰ কথা কৈ তেওঁ পৰোক্ষভাৱে আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ কথাটো বুজাইছে বুলি মন্তব্য কৰিছে আৰু তাৰ দ্বাৰাও মুখ্য মন্ত্ৰীজন যে ব্যৰ্থ সেই কথা প্ৰকাশ কৰি নিজে মুখ্য মন্ত্ৰী হোৱাৰ বাট মোকলাব বিচৰা বুলিও মন্তব্য কৰে।

এডভাণ্টেইজ আছাম, বিকাশ, কেন্দ্ৰৰ পৰা অসমে অধিক পুঁজি পাই থকা আদি কথা কৈ থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া চৰকাৰৰ ব্যৰ্থতাৰ কথা ক’বলৈ আৰম্ভ কৰাতেই মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে তেওঁৰ ষড়যন্ত্ৰ প্ৰকাশ পাইছে বুলিও তৰুণ গগৈয়ে কয়।

আনহাতে হিমন্ত বিশ্ব শৰ্মাই ডিচেম্বৰতেই মুখ্য মন্ত্ৰী হ’ব বুলি নিজেই প্ৰকাশ কৰা বুলিও সংবাদমেলত গগৈয়ে মন্তব্য কৰে। সেই কথা মন্ত্ৰী শৰ্মাৰ ঘনিষ্ঠৰ পৰাই গগৈয়ে জানিব পৰা বুলিও কয়।

গগৈয়ে কয়, “তেওঁ (হিমন্তই) কেইবাজনৰো আগত নিজেই কৈ আছে ‘অলপ অপেক্ষা কৰক মই ডিচেম্বৰত মুখ্য মন্ত্ৰী হৈ আছো’।”

ইয়াৰ উপৰি গগৈয়ে বিজেপিত এতিয়া গৃহকন্দল চলি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ইপিনে, কংগ্ৰেছত থকা হ’লে হিমন্ত বিশ্ব শৰ্মাই মুখ্য মন্ত্ৰী হ’ব পাৰিলে হেঁতেন কিন্তু তেওঁৰ ৰ’বলৈ ধৈৰ্য নোহোৱা হ’ল বুলিও মন্তব্য কৰে তৰুণ গগৈয়ে।

“ভগৱানে নকৰে, ৰাইজে নিদিয়ে, মোক গালি পাৰি কি লাভ, মইতো তেওঁক মুখ্য মন্ত্ৰী পাতিব বিচাৰিছিলোৱেই”, হিমন্তক উদ্দেশ্যি গগৈয়ে কয়।

আনহাতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু নিজৰ চৰকাৰখনৰ ব্যৰ্থতা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে, গতিকে তেওঁৰ মন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাইছে কাৰণ চৰকাৰখনৰ এজন কেবিনেট মন্ত্ৰী হিচাপে ইয়াৰ বাবে তেওঁ নিজেও দায়ী বুলিও গগৈয়ে সংবাদমেলত প্ৰকাশ কৰে।