NORTHEAST NOW (Assamese)
অসম

কেৰেলাত হত্যাৰ চেষ্টাত অভিযুক্ত এন ডি এফ বিৰ ৩জন লিংকমেনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ November 29, 2018 12:23 pm
NDFB arrested at Kerela

কেৰেলাত অসমৰ বড়ো বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ ৩জনকৈ সন্দেহজুক্ত লিংকমেনক গ্ৰেপ্তাৰ কৰাৰ এক খবৰ লাভ কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৯ বজাত কেৰেলাৰ পেৰুম্বাভুৰত অৱস্থিত এটা প্লাইউড ফেক্টৰীৰ পৰা চোৰাংচোৱা সংস্থা আৰু কেৰেলা আৰক্ষীৰ এটা যুটীয়া দলে লোকেইজনক গ্ৰেপ্তাৰ কৰে।

সন্দেহযুক্ত লিংকমেন কেইজনক সম্প্ৰতি কেৰেলাৰ এৰ্নাকুলাম জিলাৰ কুন্নাথুনাডু আৰক্ষী থানাত জেৰা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ এক সূত্ৰৰ মতে ধৃত লোককেইজনৰ বিৰুদ্ধে অসমত হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ আছে।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘দ্যা হিন্দু’ত প্ৰকাশিত এক বাতৰি অনুসৰি প্ৰায় ২ সপ্তাহ পূৰ্বে কেন্দ্ৰিয় চোৰাংচোৱা সংস্থাই অঞ্চলটোত লোককেইজনৰ সন্দেহজনক অৱস্থিতিৰ বিষয়ে কেৰেলা আৰক্ষীক সতৰ্ক কৰি থৈছিল।

ইয়াৰ পিছৰে আৰক্ষীয়ে লোককেইজনৰ সন্ধানত অভিযান আৰম্ভ কৰি আজি পুৱা তেওঁলোকক গ্ৰেপ্তাৰ কৰে।