NORTHEAST NOW (Assamese)
অসম

অসম স্প’ৰ্ট ক্লাইম্বিং এছ’চিয়েশ্যনৰ তৃতীয় পৰ্বতাৰোহণ শিবিৰ

Posted by: এন ই নাও নিউজ January 4, 2018 10:38 pm

অহা ৭, ২১, ২৮ জানুৱাৰি আৰু ৪ ফেব্ৰুৱাৰিত অসম পৰ্বতাৰোহণ ক্ৰীড়া সংঘ বা অসম স্প’ৰ্ট ক্লাইম্বিং এছ’চিয়েশ্যনৰ তৃতীয় পৰ্বতাৰোহণ শিবিৰ অনুষ্ঠিত হ’ব। উক্ত শিবিৰৰ স্থান হ’ব চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন, শ্ৰীমন্ত শংকৰ একাডেমি আৰু ইণ্ডিয়ান ইনষ্টিটিউট অব এণ্টাৰপ্ৰিনিউৰশ্বিপ। অসম স্প’ৰ্ট ক্লাইম্বিং এছ’চিয়েশ্যনৰ এটা সূত্ৰই এন ই নাওক এই কথা জানিবলৈ দিয়ে।

উক্ত শিবিৰত অংশ গ্ৰহণ কৰিব খোজা ইচ্ছুক সকলক অসম স্প’ৰ্ট ক্লাইম্বিং এছ’চিয়েশ্যনৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে অসম স্প’ৰ্ট ক্লাইম্বিং এছ’চিয়েশ্যনে।

উল্লেখযোগ্য যে পৰ্বতাৰোহণকাৰীক উৎসাহিত কৰা আৰু প্ৰশিক্ষণ দি তেওঁলোকক ইয়াৰ বাবে সক্ষম কৰি তোলাৰ বাবে অসম স্প’ৰ্ট ক্লাইম্বিং এছ’চিয়েশ্যনে প্ৰতি বছৰে এনে শিবিৰৰ আয়োজন কৰি আহিছে।