NORTHEAST NOW (Assamese)
অসম

হাজোত সুমন হৰিপ্ৰিয়াৰ সভাত প্ৰচণ্ড মাৰপিট; কথমপি ৰক্ষা পৰিল বিধায়িকাগৰাকী

Posted by: মৃদুল প্ৰীতম ডেকা November 30, 2018 8:19 pm
SumanHaripriya

এইবাৰ পঞ্চায়ত নিৰ্বাচনত কেৱল ধনবলৰে প্ৰদৰ্শন বৃদ্ধি পোৱা নাই। বাহুবল আৰু হিংসাৰ পৰিমাণো বাঢ়িছে। আজি হাজোৰ বালিসত্ৰত হোৱা এখন নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছ-বিজেপিৰ কৰ্মীৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়।

বিজেপিৰ হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ সন্মুখতে কংগ্ৰেছকৰ্মীৰ আক্ৰমণত আহত হল বিজেপিকৰ্মী। কথমপি লাঠীৰ কোবত আহত হোৱাৰ পৰা ৰক্ষা পৰে বিধায়িকা সুমন হৰিপ্ৰিয়া। আহতসকলক লগে লগে ৰঙিয়াৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

ঘটনাৰ পিছতে ঘটনাস্থলীত কামৰূপ জিলা আৰক্ষী আৰু সাংসদ বিজয়া চক্ৰৱৰ্তী উপস্থিত হয়। উল্লেখ্য যে বালিসত্ৰ পঞ্চায়তৰ কংগ্ৰেছৰ আঞ্চলিক সদস্য পদৰ পঞ্চায়ত প্ৰাৰ্থী হৰেন কলিতাৰ সন্মুখতেই কংগ্ৰেছ কৰ্মীয়ে এনেদৰে বিজেপিৰ বিধায়িকাসহ কৰ্মীসকলক আক্ৰমণ কৰা বুলি অভিযোগ আনিছে বিধায়িকা সুমন হৰিপ্ৰিয়াই। বিধায়িকাগৰাকীৰ ভাষ্যমতে, তেওঁ কথমপিহে লাঠীৰ আঘাতৰ পৰা ৰক্ষা পৰে। দুই-তিনিজন বিজেপি কৰ্মী আহত হোৱা বুলি জানিব পৰা গৈছে।