NORTHEAST NOW (Assamese)
অসম

অসম বিজেপি মুখপাত্ৰ মাৰ্ঘেৰিটাৰ মতে কংগ্ৰেছ তত্ত্বাৱধায়ক ৰাৱত “মহা দুৰ্নীতিপৰায়ণ”

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 2, 2018 5:21 pm
BJP spoke person Pabitra Margherita addressing press conference at BJP party office in Guwahati on 02-12-18. Pix BY UB photos

অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হৰিশ ৰাৱতক “মহা দুৰ্নীতিপৰায়ণ”ৰূপে অভিহিত কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই।

মাৰ্ঘেৰিটাৰ মতে অসমৰ “দুৰ্নীতিপৰায়ণ” কংগ্ৰেছ নেতাসকলক নিয়ন্ত্ৰণ কৰিবলৈ দায়িত্ব দিয়া হৈছে “মহা দুৰ্নীতিপৰায়ণ” ৰাৱতক।

‘‘তিহাৰ জে’লৰ পৰা গঁড় হত্যালৈকে বিভিন্ন অভিজ্ঞতাৰে মহিমামণ্ডিত কংগ্ৰেছী নেতাসকলক যিকোনো লোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেই কথা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই জানে। কংগ্ৰেছৰ দুৰ্নীতি পৰায়ণ নেতাসকলক নিয়ন্ত্ৰণ কৰিবৰ বাবে মহা দুৰ্নীতিপৰায়ণ এগৰাকী ব্যক্তিক অসমৰ তত্বাৱধায়কৰ দায়িত্ব দিছে,” দেওবাৰে সংবাদমেলত এই মন্তব্য মাৰ্ঘেৰিটাৰ। অৱশ্যে নিজৰ দল বিজেপিটো যে তিহাৰ ফেৰৎ শীৰ্ষ নেতা আছে সেই কথা তেওঁ সংবাদমেলত উল্লেখ কৰা নাছিল।

বিৰোধী কংগ্ৰেছক ব্যক্তিগত লিমিটেড কোম্পানিৰ লগত তুলনা কৰি মাৰ্ঘেৰিটাই ৰাৱতক সেই কোম্পানিৰ চি ই অ’ অৰ্থাৎ কৰাপছন এক্সিকিউটিভ অফিচাৰ ৰূপে অভিহিত কৰিছে।

তেওঁ লগতে কয় যে ইন্টাৰনেটত ‘‘ষ্টিং অপাৰেশ্বন অন হৰিশ ৰাৱাত’’ চাৰ্চ কৰিলেই তেওঁ কৰা হৰ্ছ ট্ৰেডিঙৰ কথা পোৱা যায়। উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী কেইবাটাও কেলেংকাৰিত জৰিত থকাৰ উদাহৰণো দিছে মাৰ্ঘেৰিটাই।

‘‘৩০০ কোটি টকাতকৈও অধিক এন এইচ্ছ ৭৪ কেলেংকাৰি য’ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটিৰ মূল্য ২০ গুণ পৰ্য্যন্ত বঢ়াই দিছিল হৰিশ ৰাৱাত চৰকাৰে। সেই কেলেংকাৰি পোহৰলৈ অহাৰ পাছত তেওঁৰ চৰকাৰৰ বহু আমোলা বিষয়া এতিয়া কাৰাগাৰত আছে,” মন্তব্য মাৰ্ঘেৰিটাৰ।

পিছে ৰাৱাতৰ বিৰুদ্ধে মাৰ্ঘেৰিটাই অনা প্ৰত্যেকটো অভিযোগৰ “আদৰণি” জনাই কংগ্ৰেছ মুখপাত্ৰ শৰ্মাই শাসকীয় বিজেপিক সেই কেলেংকাৰিসমূহৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে।

আসন্ন পঞ্চায়ত নিৰ্বাচনত পৰাজয়ৰ ভয়ত “দিক বিদিক হেৰুৱাই” বিজেপি নেতাই এনে মন্তব্য কৰিছে বুলি দাবী কৰি কংগ্ৰেছ মুখপাত্ৰজনে কয়, ‘‘বিজেপিৰ হাতত কেলেংকাৰিৰ তথ্য আছে, গতিকে সেইবোৰ ৰাজহুৱা কৰি তদন্তৰ ব্যৱস্থা কৰক।”

তত্বাৱধায়ক ৰাৱতক উত্তৰাখণ্ডৰ “আটাইতকৈ নিকা মুখ্য মন্ত্ৰী” আছিল বুলিহে দাবী কৰিছে মুকুল শৰ্মাই।