NORTHEAST NOW (Assamese)
অসম

দক্ষিণ আফ্ৰিকাত উজলিল অসমৰ নিচাদ আলী : নৱম কমনৱেলথ কাৰাটেত নিচাদৰ স্বৰ্ণপদক জয়

Posted by: পুলেন্দ্ৰ দাস December 3, 2018 6:48 am
নিচাদ আলী

দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত নৱম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত বৰপেটাৰ নিচাদ আলীয়ে শনিবাৰে সোণৰ পদক লাভ কৰি সমগ্ৰ দেশৰ লগতে বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।

প্ৰতিযোগিতাখনৰ ৭৬ কেজি শাখাৰ শনিবাৰে অনুষ্ঠিত ফাইনেল খেলত ভাৰতক প্ৰতিনিধিত্ব কৰা নিচাদে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ বিৰুদ্ধ ৩-০ ব্যৱধানত জয়ী হৈ সোণৰ পদক লাভ কৰে ৷

বিশ্ব কাৰাটে ৰেংকিঙ জুনিয়ৰৰ ২৬তম স্থানপ্ৰাপ্ত বৰপেটা জিলাৰ প্ৰতিভাবান কাৰাটে খেলুৱৈ গৰাকীয়ে এইবাৰ তৃতীয় বাৰৰ বাবে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে ৷

উল্লেখযোগ্য যে বৰপেটা চহৰৰ আজাদ নগৰৰ বাসিন্দা হাচমত আলী আৰু নিলোফাৰ বেগমৰ পুত্ৰ নিচাদ আলীয়ে ইতিমধ্যে বিভিন্ন ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেইবাটাও পদক দখলেৰে নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে ৷