NORTHEAST NOW (Assamese)
অসম

বৰমেধি কনক কলিতাৰ মৃত্যু, শিৱসাগৰ দিখৌমুখত শোকৰ ছাঁ

Posted by: ৰাজীৱ দত্ত December 7, 2018 5:14 pm
Assam's Sivasagar's Dekhowmukh's Barmedhi Kanak Kalita dies at 95

শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চলৰ সমাজকৰ্মী, দক্ষিণপাট সত্ৰৰ বৰমেধি কনক কলিতাৰ প্ৰায় ৯৫ বছৰ বয়সত শুকুৰবাৰে উদয়পুৰ গাঁৱৰ নিজ বাসগৃহত দুপৰীয়া ১১-৩০ বজাত মৃত্যু হয়।

মাজুলীৰ দক্ষিণপাত সত্ৰৰ বৰমেধিৰূপে নির্মালী গ্ৰহণ কৰি দেওঘৰীয়া আৰু উদয়পুৰ গাঁৱৰ নামঘৰ পৰিচালনাৰে জড়িত হোৱা কলিতাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

বয়োবৃদ্ধ লোকজনৰ মৃত্যুৰ বাতৰি পাই বাসগৃহত অসংখ্য গুণমুগ্ধ উপস্থিত হৈ তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তেওঁৰ মৃত্যুৰ শোক প্ৰকাশ কৰি স্থানীয় ভৰলুৱা তিনি আলি ব্যৱসায়ী সন্থাই ১ঘণ্টা সময় সকলো ব্যৱসায়ী প্ৰতিস্থান বন্ধ ৰাখে।

তেওঁৰ মৃত্যুত দিখৌমুখ প্ৰেছ ক্লাব, দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থা, অসম গণ পৰিষদ কাৱৈমাৰী আঞ্চলিক সমিতি, দিখৌমুখ জনজাতি হাই স্কুল, দিখৌমুখ শাখা সাহিত্য সভা, দেওঘৰীয়া গাওঁ নামঘৰ পৰিচালনা সমিতি, দিখৌমুখ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সমিতিকে ধৰি বিভিন্ন অনুষ্ঠানে শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত দুজন পুত্ৰ-বোৱাৰী, দুগৰাকী বিবাহিত জী-জোঁৱাই আৰু নাতি-নাতিনীকে ধৰি বহু আত্মীয় স্বজনক এৰি গৈছে।

দেওঘৰীয়া গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা কলিতাই আর্থিক প্ৰতিবন্ধকতা নেওচি শিৱসাগৰ মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি দিখৌমুখ উচ্চ মাধ্যমিক বিদ্যালয়ত কিছুকাল শিক্ষকতা কৰিছিল। পিছত তেওঁ নাগালেণ্ড চৰকাৰৰ গড়কাপ্তানী বিভাগৰ গাণনিক বিষয়াৰূপে অৱসৰ গ্ৰহণ কৰিছিল।