NORTHEAST NOW (Assamese)
অসম

শুৱালকুছিৰ ঐতিহাসিক সিদ্ধেশ্বৰ দেৱালয়ত আঠপৰীয়াৰ পুত্ৰই চুৰ কৰিছিল দেৱমূৰ্তি

Posted by: মৃদুল প্ৰীতম ডেকা December 9, 2018 6:09 pm
sualkuchi assam siddheswar dewalay theft

শুৱালকুছিৰ ঐতিহাসিক সিদ্ধেশ্বৰ দেৱালয়ৰ পৰা যোৱা ২৩ নৱেম্বৰত দুটা অষ্টধাতুৰ মূৰ্তিকে ধৰি বহুকেইটা মূৰ্তি চুৰি কৰিছিল দেৱালয়টোৰ চৌহদতে বাস কৰা আঠপৰীয়া ভগ্নেশ্বৰ কলিতাৰ পুত্ৰ ফটিক কলিতা (২২)ই।

শনিবাৰে শুৱালকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কলিতাৰ স্বীকাৰোক্তিৰ ভিত্তিত দিনত লুইতৰ বুকুত দেৱালয়খনৰ কিছু চুৰি সামগ্ৰী উদ্ধাৰ হোৱাৰ পিছত নিশা আৰক্ষীৰ জেৰাত দিয়া স্বীকাৰোক্তিৰ ভিত্তিত তেওঁৰ বাসগৃহৰ পিছপিনে গাঁতত পুতি ৰখা শিৱৰ মূৰ্তি এটাও উদ্ধাৰ হয়।

দেৱালয়খনৰ ৰজাদিনীয়া অষ্টধাতুৰ দুৰ্গা মূৰ্তি আৰু বংশী গোপালৰ মূৰ্তি দুটা চুৰি কৰাৰ কথাও আৰক্ষীৰ জেৰাত ফটিকে স্বীকাৰ কৰিছে। শীঘ্ৰেই এই দুটা মূৰ্তি উদ্ধাৰ হ`ব বুলি আশ্বাস দিছে আৰক্ষীয়ে।

শনিবাৰে গ্ৰেপ্তাৰ কৰা কলিতাক আৰক্ষীয়ে ৩দিনৰ বাবে জিম্মাত লৈছে।

চোৰ ফটিক কলিতা বহুবছৰৰ পৰা দেউতাকৰ সৈতে দেৱালয় চৌহদত বাস কৰি আহিছে।