কংগ্ৰেছৰ দখললৈ যোৱাটো নিশ্চিত হৈ পৰিছে বৰপেটা জিলা পৰিষদ

বৰপেটা জিলা পৰিষদ কংগ্ৰেছ দখললৈ যোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। বৰপেটা জিলা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা সম্পূৰ্ণ হোৱা নাই যদিও ঘোষিত ১৩ খন জিলা পৰিষদত কংগ্ৰেছে ৮ খন আৰু বিজেপি দলে ৫ খন জিলা পৰিষদ দখল কৰিছে ৷ ঘোষিত ১৩ টা জিলা পৰিষদত অগপ আৰু এ আই ইউ ডি এফ দলে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
মুঠ ২৯ খন জিলা পৰিষদৰ সদস্য পদ থকা বৰপেটা জিলা পৰিষদ দখল কৰিবলৈ হলে “মেজিক নম্বৰ” ১৫ ৰ প্ৰয়োজন যদিও এই সংখ্যা স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে কংগ্ৰেছ দল ৷ কিয়নো কংগ্ৰেছ অধ্যুষিত ১০-১২ টা জিলা পৰিষদৰ প্ৰতিটোৰ ভোট গণনাত কংগ্ৰেছ দল যথেষ্ট আগবাঢ়ি আছে ৷
আজি ঘোষণা কৰা ফলাফলত বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টি সৰভোগ সমষ্টিৰ অন্তৰ্গত ১৮ নং মৈৰাঝাৰ খৈৰাবাৰী আৰু ২৪ নং বগৰীগুৰী পথাৰ আৰু ৮ নং গোৱৰ্ধনা জিলা পৰিষদ কংগ্ৰেছ দলে লাভ কৰিছে ৷
আনহাতে ১৭ নং মেদা নিচুকা জিলা পৰিষদতো কংগ্ৰেছ দলে অগ্ৰগতি লাভ কৰি আছে ৷ ঘোষিত ফলাফল অনুসৰি বাঘবৰ সমষ্টিৰ ১ নং আলোপতি মাজৰচৰ, জনীয়া সমষ্টিৰ ১৩ নং জনীয়া আৰু ১৪ নং কলগাছিয়া জিলা পৰিষদো কংগ্ৰেছ দলে লাভ কৰিছে ৷
সৰুক্ষেত্ৰী সমষ্টিৰ বেতবাৰী, বৰভিঠা, দক্ষিণ পূৱ সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্যত কংগ্ৰেছ দলে লাভ কৰাৰ বিপৰীতে পাকা সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্যত বিজেপি জয়ী হৈছে ৷
কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলীৰ গৃহ সমষ্টি চেঙাৰ ৬ নং চেঙা জিলা পৰিষদৰ সদস্যত বিজেপি প্ৰাৰ্থী জয়ী হৈছে ৷ ইপিনে ৬ নং চেঙা জিলা পৰিষদ, ১৫ নং খোলাবন্ধা জিলা পৰিষদ আৰু ১৬ নং মন্দিয়া জিলা পৰিষদ কংগ্ৰেছৰ দখললৈ যোৱাটো প্ৰায় নিশ্চিত ৷
জিলাখনৰ আন কেইবাটাও জিলা পৰিষদৰ সদস্য পদত কংগ্ৰেছ দলৰ অগ্ৰগতি অব্যাহত আছে ৷ লক্ষণীয় যে, বৰপেটা জিলাৰ পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত তিনিওটা জিলা পৰিষদ বিজেপি দলে দখল কৰিছে ৷