NORTHEAST NOW (Assamese)
অসম

যোৰহাট, টীয়কত বিজেপি-অগপৰ দুৰ্গত মোক্ষম আঘাত কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ December 13, 2018 9:44 pm
Panchayat

আজি ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত যোৰহাট আৰু টীয়ক বিধানসভা সমষ্টিত বিপৰীত প্ৰতিচ্ছবি দেখা গৈছে।

আজি ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত যোৰহাট আৰু তিতাবৰকে ধৰি জিলাখনৰ মুঠ ১৯ খন জিলা পৰিষদৰ ভিতৰত কংগ্ৰেছে ১২ খন, বিজেপিয়ে ৫ খন আৰু অগপই ২ খন জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হয়।

যোৰহাটত আঞ্চলিক পঞ্চায়তৰ মুঠ ৫৭ জন সদস্যৰ ভিতৰত কংগ্ৰেছৰ ২৭ জন, বিজেপিৰ ২১ জন আৰু অগপৰ ৯ জন প্ৰাৰ্থীয়ে জয় লাভ কৰে। একেদৰে গাঁও পঞ্চায়তৰ সভাপতি পদতো মুঠ ৫৭ জনৰ ভিতৰত কংগ্ৰেছৰ ৩০ জনে, বিজেপিৰ ১৬ জনে আৰু অগপৰ ১১ জনে জয়ী লাভ কৰে।

আৰু গাঁও পঞ্চায়তৰ সদস্যৰ মুঠ ৫৬৭ জনৰ ভিতৰত কংগ্ৰেছৰ ২৩৯ জনে, বিজেপিৰ ২২১ জনে আৰু অগপৰ ১০৮ জনে জয়ী লাভ কৰে।

আনহাতে ১০২ নং টীয়ক বিধানসভা সমষ্টিত তথা স্থানীয় অগপৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ দুৰ্গত মোক্ষম আঘাত কংগ্ৰেছৰ।

উল্লেখযোগ্য যে ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ মুঠ ৪ খন জিলা পৰিষদৰ ভিতৰত ৩ খন লাভ কৰে কংগ্ৰেছে আৰু অগপই লাভ কৰে ১ খন। জিলা পৰিষদ চাৰিখন হ’ল ক্ৰমে হোলোঙাপাৰ, কাকজান, বলমা আৰু টীয়ক।

একেদৰে গাঁও পঞ্চায়ত মুঠ ১৯ খনৰ ভিতৰত কংগ্ৰেছে লাভ কৰে ১৩ খন, অগপই ৫ খন আৰু বিজেপিয়ে লাভ কৰে মাত্ৰ ১ খন।

মুঠতে যোৰহাট আৰু টীয়কত অগপ আৰু বিজেপিৰ দুৰ্গত মোক্ষম আঘাত হানিলে কংগ্ৰেছে।