NORTHEAST NOW (Assamese)
অসম

পঞ্চায়তৰ ফলাফলত জিকিল নিৰ্বাচনৰ দিনাই মৃত্যু ঘটা বিজেপি প্ৰাৰ্থী ধ্ৰুৱ কোঁ‌ৱৰ

Posted by: মানস প্ৰতিম গগৈ December 13, 2018 9:48 pm
Dhruba-750x375

বিজয়ৰ সেই অনাবিল আনন্দৰ ক্ষণ উপভোগ কৰাৰ পৰা বঞ্চিত হ’ল মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি দলৰ এগৰাকী প্ৰাৰ্থী৷ মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ ৮নং ৱাৰ্ডৰ মেম্বাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ধ্ৰুৱ কোঁৱৰ নামৰ প্ৰাৰ্থীগৰাকীয়ে।

কিন্তু যোৱা ৫ ডিচেম্বৰত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ নিশাই উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ধ্ৰুৱ কোঁৱৰে শোকাৱহভাৱে মৃত্যুক সাৱটি লৈছিল। আৰু আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উক্ত পঞ্চায়তখনৰো ফলাফল ঘোষণা কৰা হ’ল। ফলাফল অনুসৰি মৃত বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হয় বিপুল ভোটত।

বিপুল ভোটত জয়ী হোৱাৰ পাছতো নিজৰ প্ৰাৰ্থী গৰাকীক কাষত নাপাই শোকত ভাঙি পৰে ৱাৰ্ডবাসী ৰাইজ।

উল্লেখ্য যে প্ৰয়াত ধ্ৰুৱ কোঁ‌ৱৰে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা ৱাৰ্ডটোৰ কংগ্ৰেছ প্ৰাৰ্থী মানমাচি কুৰচীক ৩৫০টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। প্ৰয়াত কোঁ‌ৱৰ কুমচাই গাঁও পঞ্চায়তৰ আটাইকেইটা ৱাৰ্ডৰ ভিতৰতে ৱাৰ্ড মেম্বাৰ পদত অধিক ভোট লাভ কৰি অন্য এক অভিলেখ সৃষ্টি কৰে।

আজি নিৰ্বাচনৰ ফলাফল ঘোষনা হোৱাৰ পিছতেই কোঁ‌ৱৰৰ পৰিয়ালৰ লগতে ৱাৰ্ডবাসী ৰাইজ শোকত ভাগি পৰাৰ লগতে সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়।