NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ মিথ্যাচাৰ : গঁড় চিকাৰত অভিযুক্ত কংগ্ৰেছী প্ৰাৰ্থী জিকিল পঞ্চায়তত

Posted by: এন ই নাও নিউজ December 14, 2018 8:04 am
Untitled-1-copy-12-750x375

পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল সময়তে বিশ্বনাথৰ ছোৱাগুৰি গাঁও পঞ্চায়তৰ সভাপতি পদৰ কংগ্ৰেছ প্ৰাৰ্থী দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে গঁড় হত্যাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। ন্যায়িক জিম্মাৰ পৰা জামিন লাভ কৰা দিলোৱাৰ হুছেইনে কংগ্ৰেছৰ পৰা টিকট লৈ পঞ্চায়তৰ সভাপতি পদত প্ৰাৰ্থিত্ব আগবঢ়াইছিল।

আনকি বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই জিলা উপায়ুক্তলৈ লিখিতভাৱে জনাইছিল যে ছোৱাগুৰি গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী দিলোৱাৰ হুছেইন ২০১১ চনৰ গঁড় চিকাৰৰ গোচৰত অভিযুক্ত।

তদুপৰি, গঁড় হত্যাৰ অভিযোগ উঠাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নিৰ্দেশৰ ভিত্তিত দিলোৱাৰ হুছেইনৰ প্ৰাৰ্থিত্ব বাতিল কৰা হৈছিল। গঁড় হত্যাত জড়িত বুলি অভিযোগ উঠাৰ পাছতে দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে প্ৰাথমিক তদন্তৰ অন্তত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা বুলি ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ঘোষণা কৰিছিল।

কিন্তু বৃহস্পতিবাৰে ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছৰ মিথ্যাচাৰ ফাদিল হৈ পৰিল।  প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰা প্ৰাৰ্থী দিলোৱাৰ হুছেইন পঞ্চায়তৰ সভাপতি পদত বিজয়ী হ’ল।

উল্লেখযোগ্য যে গঁড় হত্যাৰ অভিযোগত অভিযুক্ত হৈ কেইবাবাৰো গ্ৰেপ্তাৰ হোৱা দিলোৱাৰৰ বিৰুদ্ধে বিশ্বনাথ আৰু বাগৰিত গোচৰ পঞ্জীয়ন হৈ আছে। তদুপৰি, কাজিৰঙাৰ বাগৰি ৰেঞ্জত গঁড় হত্যাত অভিযুক্ত দিলোৱাৰৰ কলিয়াবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত বিচাৰ চলি আছে।

ইপিনে, গঁড় চিকাৰত অভিযুক্ত বোকাখাতৰ মৰিধনশিৰি গাঁও পঞ্চায়তৰ সভাপতি পদৰ অগপ প্ৰাৰ্থী গণেশ দলেই নিৰ্বাচনত পৰাজিত হৈছে। গণেশ দলেৰ প্ৰাৰ্থিত্বই আনকি অগপ সভাপতি গৰাকীৰ সমষ্টিটোত ব্যাপক নেতিবাচক প্ৰভাৱ পেলাইছিল যাৰ পৰিণতিত সভাপতিৰ গৃহ সমষ্টিতে দলটো বিপৰ্যয়ৰ সন্মুখীন হৈছে।