NORTHEAST NOW (Assamese)
অসম

গোৱাৰ হাতত বিধ্বস্ত হ’ল নৰ্থ-ইষ্ট য়ুনাইটেড; তালিকাৰ চতুৰ্থ স্থানলৈ

Posted by: এন ই নাও নিউজ December 14, 2018 10:35 pm
Goa

আই এছ এলৰ আজিৰ এখন খেলত পঞ্চম স্থানৰ গোৱাৰ হাতত ১-৫ গ’লৰ বৃহৎ ব্যৱধানত পৰাজয় সহিব লগীয়া হয় নৰ্থ-ইষ্ট য়ুনাইটেড। আগৰবোৰ খেলত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগ বঢ়াই অহা নৰ্থ-ইষ্ট য়ুনাইটেড দলটোৱে আজি গোৱাৰ ওচৰত এইদৰে নতশিৰ হোৱাত পইণ্ট তালিকাতো এটা ঢাপ নামি যাব লগীয়া হয়।

গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা আজিৰ খেলখনত প্ৰথম অৰ্ধ দুয়োটা দলে প্ৰচণ্ড সংগ্ৰাম কৰে যদিও গ’ল দিবলৈ সক্ষম নহয়। কিন্তু দ্বিতীয়াৰ্ধত ঘৰুৱা দলটো অধিক আক্ৰমণাত্মক হৈ উঠে।

গোৱাৰ ফেৰান কৰমিনাছে প্ৰথম গ’লটোৰ সূচনা কৰাৰ পিছতে ইটো-সিটোকৈ মুঠ পাঁচটা গ’ল দিয়ে নৰ্থ-ইষ্ট য়ুনাইটেডক। প্ৰত্যুত্তৰত একমাত্ৰ নৰ্থ-ইষ্ট য়ুনাইটেডে গ’লটো দিবলৈ সক্ষম হয় খেলৰ ৯০ মিনিটত, অধিনায়ক অগবেছেই দিয়ে সেই একমাত্ৰ গ’লটো।

উল্লেখযোগ্য যে আজিৰ জয়ৰ জৰিয়তে ষষ্ঠ স্থানত থকা গোৱাই তৃতীয় স্থানলৈ উন্নীত হয়। গোৱা আৰু নৰ্থ-ইষ্ট য়ুনাইটেড, দুয়োটা দলৰে পইণ্ট ২০ হয় যদিও গ’লৰ হাৰৰ হিচাপত গোৱাই তৃতীয় আৰু নৰ্থ-ইষ্ট য়ুনাইটেডে চতুৰ্থ স্থানত অৱস্থান লয়।