NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ত্ৰিপুৰাত পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা সলনি হ’ব বিদ্যালয়ৰ সময়সূচী

Posted by: এন ই নাও নিউজ December 15, 2018 10:10 am
aboutus

পৰৱৰ্তী শিক্ষাপৰ্ষৰ পৰা ত্ৰিপুৰাৰ বিদ্যালয়ৰ সময়সূচীত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰা হ’ব। ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে ১৩ ডিচেম্বৰ বৃহস্পতিবাৰে প্ৰকাশ কৰিছে যে প্ৰথম পৰ্বত ৰাজ্যখনৰ ৪,৩৮৫খন বিদ্যালয়ৰ ৩৫০০ খন বিদ্যালয়ত সময়সূচীৰ পৰিৱৰ্তন কৰা হ’ব।

প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ৰ শ্ৰেণীসমূহ ৰাতিপুৰা ৮-০০ বজাৰ পৰা ১১-৩০ বজালৈকে আৰু উচ্চতম মাধ্যমিক পৰ্যায়ৰ শ্ৰেণীসমূহ ৰাতিপুৱা ৮-০০ বজাৰ পৰা ১-৩০ বজালৈকে চলিব। বৰ্তমান শ্ৰেণীসমূহ আৰম্ভ হয় ১১-০০ বজাত আৰু সমাপ্ত হয় ৪-২০ বজাত। আৰু শিক্ষাৰ্থীসকল সাধাৰণতে ঘৰ গৈ পায়গৈ গধূলি প্ৰায় ৫-০০ বজাত।

নাথে আৰু কৈছে যে বৰ্তমান চলি থকা সময়সূচীয়ে শিক্ষাৰ্থীসকলক পাঠ্যক্ৰম বহিৰ্ভুত কাৰ্য সম্পাদন কৰা অথবা সঠিকভাৱে দুপৰীয়াৰ আহাৰ খোৱাৰ সুবিধাও প্ৰদান নকৰে।

শিক্ষামন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই নতুন সময়সূচীয়ে শিক্ষাৰ্থীসকলক আবেলিৰ সময়খিনিৰ সদব্যৱহাৰ কৰাত সহায় কৰিব। উল্লেখ্য যে শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় পৰিষদৰ (NCERT) পাঠ্যক্ৰম সূচনা কৰাৰ পাছত ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰে এই পৰিৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।