কাজিৰঙাৰ বাগৰি বনাঞ্চলত পুনৰ গঁড় হত্যা কৰি খড়্গ লৈ পলায়ন চোৰাং চিকাৰীৰ

পঞ্চায়ত নিৰ্বাচনত চোৰাং চিকাৰীক লৈ সৃষ্টি হোৱা বিতৰ্ক শেষ নৌহওঁতেই যোৱা নিশা কাজিৰঙাত পুনৰ গঁড় হত্যাৰ ঘটনা সংঘৰ্টিত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ ভলুকাজান বন শিৱিৰ এলেকাত যোৱা নিশা চোৰাং চিকাৰীয়ে এটা গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হয় ৷
অতি সংগোপনে কৰা এই অমানুষিক হত্যাৰ গমেই নাপালে বনকৰ্মীয়ে ৷ আজি পুৱা হাতীত উঠি উদ্যান দৰ্শনৰ বাবে যোৱা পৰ্যটকেহে ভলুকাজান এলেকাত মৃত গঁড়টো প্ৰত্যক্ষ কৰি বনকৰ্মীক জনায় ৷ তেতিয়াহে পোহৰলৈ আহে গঁড় হত্যাৰ এই ঘটনা ৷
মতা গঁড়টোৰ কাণৰ তলতে এটা ৩৹৩ বন্দুকৰ গুলীৰ আঘাত দেখা গৈছে ৷ উল্লেখ্য যে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ এইয়া সপ্তমটো ঘটনা ৷ ইয়াৰ আগতে ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাংচিকাৰীয়ে ৬ টাকৈ গঁড় হত্যা কৰি খৰ্গ কাটি লৈ যাবলৈ সক্ষম হৈছিল ৷ ইয়াৰে বাগৰি বনাঞ্চলত সংঘটিত হোৱা এয়া তৃতীয়টো ঘটনা৷
পুৱা ঘটনা পোহৰলৈ অহাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈছে উচ্চ পদস্থ বিষয়া ৷ ঘটনাস্থলীৰ পৰা চিকাৰীৰ গতি বিধি লক্ষ্য কৰাৰ বাবে এতিয়া স্নিফাৰ ডগৰ ব্যৱহাৰ কৰা হৈছে যদিও চোৰাং চিকাৰীয়ে বন বিভাগৰ বাবে ঘটনাস্থলীত কোনো ধৰণৰ শুং সূত্ৰ এৰি যোৱা নাই ৷ সম্প্ৰতি চোৰাং চিকাৰীৰ সন্ধানত বন কৰ্মীয়ে এটা অভিযান আৰম্ভ কৰিছে ৷