NORTHEAST NOW (Assamese)
অসম

পৃথক বড়োলেণ্ডৰ দাবীৰে ঐক্যধ্বনি সমাৱেশত উত্তাল বৰমা

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী December 15, 2018 11:03 am
14-12-18 Barama- Bodo People Protest (3)

‘’বড়ো আন্দোলন ইউ টি চি বিচাৰি হোৱা নাই। ইউ টি চি ৰাজনৈতিক নেতাৰ সৃষ্টি। কোনোবাই ৰাজনৈতিকভাৱে লাভান্বিত হোৱাৰ বাবে ইউ টি চি বিষয়টো উত্থাপন কৰিব বিচাৰিছে। আমাৰ শান্তি বিঘ্নিত কৰিব বিচাৰিছে,’’- এবছুৰ সভাপতি প্ৰমোদ বড়োই এইদৰে কয়।

বাক্সা জিলাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পৃথক বড়োলেণ্ডৰ দাবীত শুকুৰবাৰে অনুষ্ঠিত হোৱা ‘ঐক্য ধ্বনি’ শীৰ্ষক সমাৱেশত উপস্থিত থাকি সংবাদমাধ্যমৰ আগত বড়োৱে এইদৰে কয়। বড়োলেণ্ডৰ সমস্যাৰ স্থায়ী সমাধান নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলিও তেওঁ কয়।

সমাৱেশত নতুন ৰাজ্য দাবী সমিতিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মুখপাত্ৰ স্বপ্নজিৎ চানয়ালে চৰকাৰ গঠনৰ পাছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৃথক ৰাজ্য সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰিতি দিছিল যদিও আজি পৰ্যন্ত একো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে। তেওঁ পৃথক ৰাজ্যৰ আন্দোলন এনেদৰে অব্যাহত থাকিব বুলিও ব্যক্ত কৰে।

শুকুৰবাৰে এবছু, এন ডি এফ বি (প্ৰঃ) আৰু পীপ্‌ল জইণ্ট একশ্যন কমিটী ফৰ বড়োলেণ্ড মুভমেণ্ট নামৰ সংগঠনকেইটাৰ উদ্যোগত বড়োলেণ্ডৰ দাবী আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত থকা বড়োসকলৰ বাবে ৰাজনৈতিক অধিকাৰৰ দাবীত অনুষ্ঠিত ঐক্য ধ্বনি সমাৱেশত উপস্থিত হোৱা সহস্ৰাধিক লোকৰ প্ৰতিবাদে বৰমা উত্তাল কৰি তোলে।

আনহাতে, ঐক্য ধ্বনি সমাৱেশত উপস্থিত থকা এন ডি এফ বি (প্ৰঃ)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে ইউ টি চি সম্পৰ্কীয় কোনো ব্যৱস্থা ভাৰতীয় সংবিধানত নাই বুলি উল্লেখ কৰি  ইউ টি চি মানি লোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে বুলি সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে।