NORTHEAST NOW (Assamese)
উত্তৰ-পূব

তৃতীয়বাৰৰ বাবে মিজোৰামৰ মুখ্য মন্ত্ৰী হিচাপে শপত ল’লে এমএনএফৰ নেতা জোৰামথাংগাই

Posted by: এন ই নাও নিউজ December 15, 2018 1:34 pm
Duc0V2nU0AEDLAd

মিজো নেশ্যনেল ফ্ৰণ্টৰ নেতা জোৰামথাংগাই ৰাজ্যখনৰ নতুন মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত ৰাজ্যপাল ৰাজশেখৰণে জোৰামথাংগাক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়।

মুখ্য মন্ত্ৰীগৰাকীৰ সৈতে টাওনলুইয়া, প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী লালজিৰলিয়ানা আৰু আইজল ফুটবল ক্লাবৰ স্বত্বাধিকাৰী ৰবাৰ্ট আৰ ৰয়টেকে ধৰি মুঠ ১১গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰিব।

উল্লেখ্য যে জোৰামথাংগাই তৃতীয়বাৰৰ বাবে মিজোৰামৰ মুখ মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা মিজো নেশ্যনেল ফ্ৰণ্টৰ নেতাগৰকীয়ে যোৱা ১১ ডিচেম্ববৰত প্ৰকাশ কৰিছিল যে মিজোৰামত বিজেপিৰ কোনো প্ৰয়োজন নাই।

জোৰামথাংগাৰ বিজয়ে ইতিমধ্যে সংকটৰ গৰাহত পৰা মিজোসকলৰ জাতীয় পৰিচয়ক শক্তিশালী ৰূপত তুলি ধৰাৰ লগতে মিজোসকলক সকলো ফালৰ পৰা সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগীসকলে।